76
ৰবাৰ্টচন তাতী, ডিমাকুছিঃ ওদালগুৰি জিলাৰ ডিমাকুছি থানাৰ অন্তৰ্গত অসম-ভূটান সীমান্ত খৈৰানী (১ নং ভলাটাৰ) গাঁৱত শুকুৰবাৰে বন্যহস্তীৰ আক্ৰমণত আকৌ এজনী মহিলা লোকৰ মৃত্যু হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে৷
জানিব পৰা মতে কালি পুৱা খাদ্যৰ সন্ধানত জনাঞ্চলত থকা বন্যহস্তীয়ে টেনজিং বডছা নামৰ বিখ্যাত চাহ খেতিয়কৰ Elephant Friendly চাহ খেতিত কাম কৰিবলৈ অহা ছিতাই প্ৰজা (৬০) বৃদ্ধ মহিলাগৰাকীক বন্যহস্তীয়ে গচকি হত্যা কৰে৷