Home ৰাজ্যনলবাৰীত বানপীড়িত সকলৰ খবৰ ল’লে অসম প্ৰদেশ কংগ্ৰেছ কমিটি… নলবাৰী যুৱ কংগ্ৰেছে

নলবাৰীত বানপীড়িত সকলৰ খবৰ ল’লে অসম প্ৰদেশ কংগ্ৰেছ কমিটি… নলবাৰী যুৱ কংগ্ৰেছে

by News Desk
A+A-
Reset
87fe23c8-68a1-4e28-a546-b2935f2f9914

দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ বিভিন্ন প্ৰান্তত বানে কালৰূপ ধাৰন কৰি ৰাইজৰ বিস্তৰ ক্ষতি সাধন কৰাৰ লগতে বৰ্তমানও বন‍্যাৰ্ত আশ্ৰয় শিবিৰত থাকিব লগা হৈছে। দেওবাৰে নলবাৰীৰ ৫ নং খাতা গাঁওপঞ্চায়তৰ নমাটি, বৰ আগ্ৰা, হৰিপুৰ সৰিয়হতলী আদি বানপীড়িত অঞ্চল অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰদু‍ত কুমাৰ ভূঞা, নলবাৰী সমষ্টিৰ যুৱ কংগ্ৰেছৰ সভাপতি জ্ঞানদ্বীপ কলিতা ন-কংগ্ৰেছী ডিম্বেশ্বৰ কলিতাসহ এটি সজাঁটি দলে উক্ত বানবিধ্বস্ত অঞ্চল পৰিভ্ৰমণ কৰা লগতে বন‍্যাৰ্তৰ সৈতে মত-বিনিময় কৰে।

লগতে নমাটি, বৰ আগ্ৰা, হৰিপুৰৰ বন‍্যাৰ্তৰ মাজত খোৱা বস্তুৰ পেকেট বিতৰন কৰে। উক্ত অঞ্চল বিগত কেইবাদিন ধৰি পানীৰ তলত ঘৰ বাৰি বুৰ গৈ সৰ্বস্বান্ত হোৱা লগতে খেতিপথাৰ, পুখুৰী, পশুধন, বাট-পথৰ বিস্তৰ ক্ষতিগ্ৰস্ত হোৱাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সম্পাদক প্ৰদ্যুৎ ভূঞাই তেওঁলোকৰ কাষত ঠিয় দি দুখৰ সমভাগী হৈ তেওঁলোকক উপযুক্ত বানসাহাৰ্য, খাদ্য, খোৱাপানী, চিকিৎসা, অনাময় আদিৰ উচিত ব‍্যৱস্থা কৰা বাবে নলবাৰী জিলা উপায়ুক্ত তথা অসম চৰকাৰৰ দাবী জনায়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0