জয়ন্ত মুদৈ,নগাঁওঃ নগাঁও জিলা কোচ ৰাজবংশী সন্মিলনীৰ নামত এটা দুষ্টচক্ৰই কু-আভিসন্ধিৰে জনগোষ্ঠীটোৰ একতা আৰু সাংগঠনিক দিশ দুৰ্বল কৰা মানসেৰে নিজকে স্বয়ম্ভু সভাপতি, সম্পাদক সজাই অহা ৩০ জুলাইত মেধাসম্পন্ন ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰা এটা অনুষ্ঠান নগাঁও শ্বহীদ ভৱনত আয়োজন কৰিছে।
সদৌ অসম কোচ ৰাজবংশী সন্মিলনীয়ে নজনাকৈ আৰু নগাঁও জিলা সন্মিলনীৰ অজ্ঞাতে এই অনুষ্ঠানৰ চিঠি পত্ৰত সদৌ অসম কোচ ৰাজবংশী সন্মিলনীৰ পঞ্জীয়ন নম্বৰ আৰু নগাঁও জিলা সন্মিলনীৰ কাৰ্যালয় “চিলাৰায় ভৱন”ৰ নাম ব্যৱহাৰ কৰাত নগাঁও জিলা সন্মিলনীয়ে উদ্বেগ প্ৰকাশ কৰিছে।