নগাঁওঃ সমগ্র ৰাজ্যতে যোৱা এমাহ ধৰি হোৱা নেৰানেপেৰা বৰষুণ আৰু বানৰ ফলত ধন-জন, খেতি-পথাৰ বিনষ্ট হোৱাৰ দৰে নগাঁও জিলাৰ পশ্চিমাঞ্চলটো অতিৰিক্ত বৃষ্টিপাতৰ ফলত হোৱা কৃত্ৰিম বানত শ শ হেক্টৰ পাচলি খেতি বিনষ্ট হৈছে৷ ফলত মুৰে কপালে হাত দিছে কৃষকসকলে৷
পশ্চিম নগাঁৱৰ ডুমডুমীয়া, ধিং আৰু বটদ্ৰৱাৰ শাক পাচলিৰ বজাৰ কেইখন জিলাখনৰ ভিতৰতে বৃহত্তম পাইকাৰী বজাৰ হিচাপে পৰিচিত৷ বিগত এমাহ ধৰি হোৱা ধাৰাষাৰ বৰষুণত পাচলি খেতি বিনষ্ট হোৱাত চাহিদা অনুসৰি পাচলিৰ যথেষ্ট নাটনি হোৱা দেখা গৈছে।