135
এই সময় সাংবাদিকতাৰ বাবে এক কঠিন সময়। সৰ্বত্ৰে ৰাজনীতিবিদ আৰু বৃহৎ বণিকগোষ্ঠীৰ হাতোৰাত বন্দী হৈ পৰিছে সংবাদ মাধ্যম। যাৰ বাবে এতিয়া সূদুৰ পৰাহত আপোচহীন সাংবাদিকতা। জীৱন ধাৰণৰ বাবে সাংবাদিকে ৰাজনৈতিক নেতা অথবা বণিকগোষ্ঠীৰ ওচৰত বিক্ৰী কৰিবলৈ বাধ্য হৈ পৰিছে চিন্তা আৰু বিবেক। এনে এক কঠিন সময়তো সাংবাদিকসকলে যাতে মূৰ দাঙি সাংবাদিকতা কৰিব পাৰে তাৰ বাবেই বিশ্বৰ সৰ্বত্ৰে আৰম্ভ হৈছে এক নীৰৱ আন্দোলন- স্বতন্ত্ৰ আৰু নন-প্ৰফিট সাংবাদিকতা।