মৰিয়নীঃ অখিল গগৈক জেলত আৱদ্ধ কৰি ৰাজ্যৰ টোলগেটসমূহ মুকলি কৰি জনতাক মাধমাৰ শোধোৱাৰ অভিসন্ধি ৰচিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই মন্তব্য কৰিছে মৰিয়নী সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে।
শুকুৰবাৰে মৰিয়নীত এখন সংবাদমেলৰ আয়োজন কৰি বিধায়কজনে আৰু কয় যে চৰকাৰে যিমানেই ভয়-ভাবুকি আৰু প্ৰলোভন নিদিয়ক কিয় অসমৰ ৰাইজে কোনো কাৰণতে ‘কা’ মানি নলয়। বিধায়কজনে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা সন্দৰ্ভতো সংবাদমেলত একাধিক মন্তব্য কৰাৰ লগতে বান্দৰ আখ্যাও দিয়ে।