কোকৰাঝাৰঃ ‘অসমৰ পশ্চিম অঞ্চলত বিহু গীত নাছিল। পৰৱৰ্তী পৰ্যায়ত উজনি অসমৰ পৰা এই অঞ্চললৈকো বিহু গীতৰ আগমন ঘটে। অৰ্থাৎ উজনি অসমৰ পৰা এই অঞ্চললৈ বহু পিছত বিহু গীতৰ আমদানি কৰা হৈছিল।’- এই মন্তব্য অসম সাহিত্য সভাৰ বিতৰ্কিত প্ৰধান সম্পাদক পৰমানন্দ ৰাজবংশীৰ।
কোকৰাঝাৰ জিলাৰ কালিপুখুৰীত আজি অনুষ্ঠিত হোৱা বিষুৱা উৎসৱ উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য প্ৰকাশ কৰে সাহিত্য সভাৰ বিতৰ্কিত প্ৰধান সম্পাদকগৰাকীয়ে। অসম সাহিত্য সভাই সকলো জাতি জনগোষ্ঠীৰ ভাষা-সাহিত্য আৰু সংস্কৃতিৰ উন্নয়নৰ বাবে দায়বদ্ধ বুলিও অনুষ্ঠানটোত পৰমানন্দই ভাষণ আগবঢ়ায়।