কোকৰাঝাৰঃ নতুন দিল্লীত তৃতীয় বড়ো শান্তি চুক্তি স্বাক্ষৰিত হোৱাৰ পিছতে বিটিএডিত ব্যাপক আনন্দৰ জোঁৱাৰ উঠিছে। বিটিএডিৰ চাৰিওখন জিলাৰ বিভিন্ন প্ৰান্তত চুক্তি স্বাক্ষৰৰ পিছতে ফটকা ফুটাই জনতাই আনন্দ উলাহ কৰাৰ সমান্তৰালভাৱে আজি পুৱাৰে পৰা এবছুৰ কোকৰাঝাৰস্থিত মুখ্য কাৰ্যালয়ত ব্যাপক আনন্দ উলাহ পৰিলক্ষিত হয়। জনতাই খাম, চিফুঙৰ তালে তালে বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰি এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰে।
এনডিএফবিয়ে বিগত প্ৰায় চাৰিটা দশকজুৰি বিটিএডি অঞ্চলত অব্যাহত থকা অস্ত্ৰ সংস্কৃতিৰ ওৰ পেলাই কেন্দ্ৰ, ৰাজ্য চৰকাৰ, এনডিএফবিৰ চাৰিটা গোট, এবছু, ইউবিপিঅৰ মাজত আজি নতুন দিল্লীত তৃতীয়খন ঐতিহাসিক বড়ো শান্তিৰ পিছ মুহূৰ্তৰ পৰাই প্ৰস্তাৱিত বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিঅ’ন চমুকৈ বিটিআৰ-ত আনন্দৰ বন্যা বোৱা পৰিলক্ষিত হৈছে৷