বঢ়মপুৰঃ নগাঁও জিলাৰ ৰূপহীহাটৰ কাৱৈমাৰিৰ পুথিখাইটিত বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতিৰ। এজন যুৱকৰ মৃতদেহ উদ্ধাৰক কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতিৰ।
সোণাই নৈৰ ঘাটত উদ্ধাৰ হোৱা মৃতদেহটো ৰূপহীহাটৰ তেলিয়াচাপৰিৰ ৰফিকুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। যোৱা দুদিন ধৰি নিৰুদ্দেশ হৈ আছিল যুৱকজন। জানিব পৰা মতে, যুৱকজনে কিছুদিন পূৰ্বে কাৱৈমাৰিৰ জৰাটনী গাঁৱৰ ফাতেমা খাতুন নামৰ এগৰাকী মহিলাৰ সৈতে গন্ধৰ্ব বিবাহ সম্পন্ন কৰিছিল।