কৰ’না ভাইৰাছক লৈ সমগ্ৰ বিশ্বতে দেখা দিছে এক অভাৱনীয় পৰিৱেশ। প্ৰতিজন লোকেই সন্মুখীন হৈছে সমস্যাৰ। বহুতেই প্ৰিয়জনক হেৰুৱাবলগীয়াত পৰিছে। বহুতে ৰোগত আক্ৰান্ত হৈ কটাবলগীয়া হৈছে শংকাময় সময়। কেৱল চহৰেই নহয়, বহুকেইখন দেশো সম্পূৰ্ণৰূপে লকডাউন হৈ থাকিবলগীয়াত পৰিছে। কোৱাৰেণ্টাইনত আছে লাখ লাখ লোক। শোচনীয় হৈ পৰিছে অৰ্থব্যৱস্থা। সংস্থাপন হেৰুৱাইছে অগণন লোকে।
এনে পৰিস্থিতি আৰু কিমান দিনলৈ অব্যাহত থাকে তাৰ কোনো ঠিকনা নাই। কৰ’না ভাইৰাছক লৈ অব্যাহত থকা এনে একাধিক অবাঞ্চিত পৰিস্থিতিৰ মাজতে দেখা গৈছে কেবাটাও ইতিবাচক পৰিৱৰ্তন। আহকচোন কৰ’না ভাইৰাছে হাজাৰ সংকটৰ মাজতো কি কি ইতিবাচক পৰিৱৰ্তন লৈ আহিছে সেই সম্পৰ্কে জানি লও।