Home ৰাজ্যজনতা কাৰ্ফিউত নিমাওমাও নগাঁও, জনশূন্য ৰাজপথ

জনতা কাৰ্ফিউত নিমাওমাও নগাঁও, জনশূন্য ৰাজপথ

by News Desk
A+A-
Reset
nagaon-batadraba

নগাঁওঃ সমগ্ৰ বিশ্বতে ত্ৰাস সৃষ্টিকাৰী কৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান অনুযায়ী আজিৰ “জনতা কাৰ্ফিউ”ৰ প্ৰতি ব্যাপক সঁহাৰি জনাইছে নগাঁও জিলাৰ জনতাই৷ নগাঁও চহৰকে ধৰি জিলাখনৰ সৰ্বপ্ৰান্ততে পুৱাৰে পৰা দোকান-পোহাৰ, বজাৰকে ধৰি সকলো অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ৰাজপথত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে বন্ধ থকাত সৰ্বত্ৰে নিমাওমাও পৰিবেশে বিৰাজ কৰা দেখা যায়।

জিলাখনৰ গ্ৰামাঞ্চলতো দেখা গ’ল সম্পূৰ্ণ নিমাওমাও পৰিৱেশ। গঞাৰাইজে গোটেই দিনটো ঘৰৰ ভিতৰতে সোমাই থাকি একপ্ৰকাৰ মহামাৰী ৰূপ ধাৰণ কৰা ৰোগবিধক প্ৰতিহত কৰাৰ চেষ্টা চলায়।আনহাতে, সন্ধিয়া পাঁচ বজাৰ লগে লগে শিশুৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠজনলৈকে সকলোৱে নিজ নিজ বাসগৃহৰ দুৱাৰমুখত সমবেত হৈ ১০-১৫ মিনিট সময় চিকিৎসাকৰ্মীসকলক ধন্যবাদ জনোৱাৰ উদ্দেশ্যে হাত চাপৰি, কাহি-বাতি, তাল, নাগাৰা আদি বজাই এক অনন্য পৰিৱেশৰ সৃষ্টি কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0