নগাঁওঃ বিশ্বজুৰি মহামাৰী ৰূপ ধাৰণ কৰা মাৰাত্মক কৰ’না ভাইৰাছে সমগ্ৰ ৰাজ্যৰ লগতে নগাঁও জিলাবাসী জনতাক ত্ৰাসিত কৰি ৰখাৰ সময়তে জিলাখনৰ বেবেজীয়াৰ সমীপৰ দক্ষিণপাটত বহিঃৰাজ্যৰ পৰা অহা এগৰাকী ব্যক্তিক কেন্দ্ৰ কৰি আতংকৰ সৃষ্টি হয় ৷ জানিব পৰা মতে, দক্ষিণপাটৰ এজন লোকৰ ঘৰত তেওঁৰ জোৱায়েক বহিঃৰাজ্যৰ পৰা আহি আশ্ৰয় লৈ থকাৰ খবৰ কালি নিশা অঞ্চলটোত বিয়পি পৰাৰ লগে লগে ৰাইজৰ মাজত আতংকময় পৰিবেশৰ উদ্ভৱ হয় ৷
ৰাইজে প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষা নকৰি লোকজন এনেদৰে বহিঃৰাজ্যৰ পৰা আহি শহুৰেকৰ ঘৰত আশ্ৰয় লৈ থকাত সম্ভাব্য কৰ’না ভাইৰাছৰ সংক্ৰমণৰ আশংকা কৰি শংকিত হৈ পৰে ৷ পিছত স্থানীয় ৰাইজ একত্ৰিত হৈ বেবেজীয়া আৰক্ষীক এই বিষয়ে অৱগত কৰাত আৰক্ষী লগে লগে সেই স্থানত উপস্থিত হৈ তৎপৰতাৰে ৰাইজৰ সহযোগত জোৱায়েকসহ পৰিয়ালৰ আঠজনকৈ লোকক প্ৰয়োজনীয় স্বাস্থ্য পৰীক্ষাৰ বাবে নিশাই নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰায় ৷