বিশ্ব স্বাস্থ্য সংস্থা (WHO)ৰ সঞ্চালক প্ৰধান ড৹ টেডৰছ এ গেব্ৰিয়াছেছে কৰ’না ভাইৰাছৰ সংক্ৰমণ (ক’ভিড-১৯) সম্পৰ্কে বিশ্ববাসীলৈ ভিডিঅ’যোগে কেবাটাও গুৰুত্বপূৰ্ণ আহ্বান জনাইছে। এনে সংকটৰ সময়ত সাহসী হৈ পৰাত উক্ত আহ্বান আপোনালোকৰ পক্ষে সহায়ক হ’ব বুলি আশা কৰি সন্মানীয় ভিউৱাৰ্ছসকলৰ বাবে ইয়াৰ অসমীয়া অনুবাদ আগবঢ়োৱা হ’ল। অনুবাদ কৰিছে News Next Oneৰ এগৰাকী অন্যতম কণ্ট্ৰিবিউটৰ আব্দুৰ ৰছিদ চৌধুৰীয়ে।
“বৰ্তমানৰ পৰিস্থিতিয়ে আমাৰ সকলোৰে জীৱনলৈ কঢ়িয়াই আনিছে এক নাটকীয় পৰিৱৰ্তন। মোৰ পৰিয়ালো ইয়াৰ ব্যতিক্ৰম নহয়। মোৰ কন্যাই ঘৰতে থাকি অনলাইনত পাঠ গ্ৰহণ কৰি আছে। কাৰণ তাইৰ বিদ্যালয় বন্ধ আছে। বিশ্বৰ আন অঞ্চলত হয়তো ইয়াতকৈয়ো ভয়াৱহ পৰিস্থিতিৰ উদ্ভৱ হ’ব পাৰে। কিন্তু যিবোৰ মহানগৰ আৰু দেশে এই ভয়ংকৰ ভাইৰাছবিধক প্ৰতিহত কৰিবলৈ সক্ষম হৈছে তেওঁলোকে বিশ্বৰ আন প্ৰান্তৰ লোকসকলক সাহস আৰু আশা যোগাবলৈ সমৰ্থ হৈছে।