তিনিচুকীয়াঃ কৰ’নাতংকৰ মাজতে তিনিচুকীয়াত এক মৰ্মান্তিক ঘটনা পোহৰলৈ আহিছে৷ কৰ’নাৰ ভয়াৱহতাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ দেশৰ লগতে ৰাজ্যত অব্যাহত থকা লকডাউনৰ সময়তে জিলাখনৰ সদৰ চহৰৰ সমীপতে কৰুণ মৃত্যুক সাবটি ল’লে দুটিকৈ শিশুৱে৷ জানিব পৰা মতে শুকুৰবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল শিশু দুটি৷
আবেলিৰ পৰত দুই শিশু ক্ৰমে সমীৰ উজীৰ(১২) আৰু সঞ্জয় উজীৰ(৮)য়ে চিপছ আনিবলৈ বুলি পথৰুৱা ৰাস্তাৰে ঘৰৰ পৰা কিছু দূৰৈত থকা এখন গেলামালৰ দোকানলৈ গৈছিল৷ বহু সময়লৈকে ঘৰলৈ ঘূৰি নহাত পিতৃ-মাতৃ ক্ৰমে কুলেশ উজীৰ আৰু বেউটি উজীৰে বিছাৰিবলৈ আৰম্ভ কৰে। সন্ধিয়া পৰলৈকে বিচাৰি নোপোৱাত অঞ্চলটোৰ ৰাইজৰ মাজতো হুৱাদুৱা লাগে৷