নগাঁওঃ নগাঁও জিলাৰ ধিং আৰক্ষী থানাৰ অন্তৰ্গত মৈৰাধ্বজত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয়৷ মঙলবাৰে দিনৰ ভাগত সংঘটিত হোৱা এই অগ্নিকাণ্ডৰ ঘটনাত প্ৰায় কুৰিটাকৈ বাসগৃহ সম্পূৰ্ণৰূপে জাহ যোৱাৰ বিপৰীতে ঘৰৰ আচবাব, নগদ ধন, দুখন চাইকেলকে ধৰি বহু লক্ষাধিক টকাৰ সা-সম্পত্তি আৰু দৰকাৰী নথি-পত্ৰ জুইত ভস্মীভূত হয়।
জানিব পৰা মতে বৈদ্যুতিক শ্বর্ট চাৰ্কিটৰ ফলতেই জুইৰ সুত্ৰপাত হয় আৰু তিনিটাকৈ গেছ চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত জুইয়ে এক ভয়ানক ৰূপ লয়। শুকান বতৰৰ বাবেই খুব কম সময়তে জুই দপদপকৈ জ্বলি উঠে আৰু ই সম্প্ৰসাৰিত হৈ জুইৰ লেলিহান শিখাই নিমিষতে আগুৰি ধৰাত কুৰিটাকৈ বাসগৃহ জ্বলি ছাই হৈ যায়৷