Home ৰাজনীতিস্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্বই কেতিয়াবাই খুলিলে! আপুনি কেতিয়া খুলিব?

স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্বই কেতিয়াবাই খুলিলে! আপুনি কেতিয়া খুলিব?

by News Desk
A+A-
Reset
xulile

গুৱাহাটীঃ সমগ্ৰ বিশ্বৰ লগতে দেশৰ ভিন্ন প্ৰান্তৰ অন্তত অসমতো কৰ’না ভাইৰাছৰ সংক্ৰমণ ক্ৰমাৎ দ্ৰুত গতিত বৃদ্ধি পোৱাৰ সম্ভাৱনা প্ৰকট হৈ উঠিছে। এনে পৰিস্থিতিত ৰাজ্যবাসীক কৰ’না ভাইৰাছৰ সংক্ৰমণৰ পৰা ৰক্ষা কৰাৰ লগতে আক্ৰান্তসকলক উপযুক্ত চিকিৎসা প্ৰদান কৰিবলৈ যথাসম্ভৱ চেষ্টা অব্যাহত ৰখা দেখা গৈছে স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক। দিনে-নিশাই ঘূৰি ফুৰিছে ইখনৰ পিছত সিখনকৈ হাস্পতাল। এনে পৰিপ্ৰেক্ষিতত সকলোৰে মনলৈ প্ৰশ্ন আহিছে যে মন্ত্ৰীগৰাকীয়ে সাৱধানতাৰ বাবে কি কৰিছে?

বহুতৰে মনত উদয় হোৱা এই প্ৰশ্নসমূহৰ উত্তৰ বুধবাৰে নিশা ৮ বজাত ‘প্ৰাগ নিউজ’ নামৰ এটা ব্যক্তিগত ছেটেলাইট চেনেলৰ সৈতে হোৱা সাক্ষাৎকাৰত প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে। সাক্ষাৎকাৰটোত সাক্ষাৎ গ্ৰহণ কৰা সাংবাদিকজনৰ এটা প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে কয় যে এইকেইদিন তেওঁ দিনটোত কেবাবাৰো হাত ধুবলৈ লৈছে। ‘এইকেইদিন মোৰ ঘৰত ইমান চিন্তা হোৱা নাই। কিন্তু হাস্পতালত ৰোগী আহিলে অলপ সাৱধানতা ল’ব লাগিব যাতে মই কেৰিয়াৰ হৈ নপৰো। আমাৰ কোৱাৰ্টাৰটো দুমহলীয়া। গ্ৰাউণ্ড আৰু ফাৰ্ষ্ট ফ্ল’ৰ। প্ৰয়োজন হ’লে গ্ৰাউণ্ড ফ্ল’ৰত থাকিবলৈ সকলো ৰেডি কৰি থৈছো। ঘৰত থাকিলে বেছিভাগ মই তলতে থাকো। এবাৰ বা দুবাৰহে ওপৰলৈ যাও।’-মন্ত্ৰীগৰাকীয়ে কয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0