বিশেষ প্ৰতিবেদনঃ কৰ’না ভাইৰাছে চীন আৰু ইটালীত যি কৰিব নোৱাৰিলে সেয়া কৰি দেখুৱালে ভাৰতত। যি হাৰত আমাৰ দেশৰ লগতে ৰাজ্যখনতো এই ভাইৰাছ অতি বেগেৰে বিয়পি গৈ আছে তালৈ চাই সকলোৱে অধিক সতৰ্ক হোৱাতো একান্তই প্ৰয়োজনীয় হৈ পৰিছে। পৰিতাপৰ কথা এয়ে যে ভাৰতৰ দৈনিক হাজিৰা কৰা লোকসকলৰ ওপৰত এই ভাইৰাছৰ আক্ৰমণ অধিক হোৱা দেখা গৈছে।
‘ইণ্ডিয়া টুডে’ৰ ডাটা ইন্টেলিজেন্স ইউনিটে আৰম্ভণিতে ১৮০১ জন কৰ’না আক্ৰান্তৰ বিষয়ে কৰা অধ্যয়নত পোহৰলৈ আহিছে বহু উদ্বেগজনক তথ্য। এই অধ্যয়নত এটা কথা স্পষ্ট হৈ পৰিছে যে ভাৰতৰ কম বয়সৰ লোকসকল এই ভাইৰাছৰ দ্বাৰা অধিক সংক্ৰমিত হৈছে।