গুৱাহাটীঃ কৰ’না আক্ৰান্ত ৰোগীসকলক চিকিৎসা কৰি থকা চিকিৎসকসকলৰ বাবে সুখবৰ। চিকিৎসাৰ সময়ছোৱাত চিকিৎসকসকলে যাতে মানসিক শক্তি লাভ কৰিব পাৰে তাৰ ব্যৱস্থা কৰিছে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগে। একং সংবাদমেলযোগে আজি এই কথা সদৰী কৰিছে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

মন্ত্ৰীগৰাকীয়ে কয় যে ৩১ মাৰ্চৰ পৰা অসমত কৰ’না পজিটিভৰ ঘটনা পোহৰলৈ আহিছে। গতিকে কৰ’না ৰোগীৰ চিকিৎসাত নিয়োজিত চিকিৎসক, নাৰ্ছ তথা অন্যান্য স্বাস্থ্যকৰ্মীসকলে ৭দিনৰ পিছত ১৪ দিনৰ বাবে কোৱাৰেণ্টাইনত থাকিব লাগিব। প্ৰথমটো পজিটিভৰ ঘটনা শিলচৰৰ হ’লেও ইয়াৰ পিছতে গুৱাহাটীতো যিহেতু কৰ’না ৰোগীৰ চিকিৎসা চলিছে গতিকে গুৱাহাটীৰ চিকিৎসকসকলেও ৭ এপ্ৰিল মানত কোৱাৰেণ্টাইনত যাব লাগিব বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে।

কৰ’না ৰোগীক চিকিৎসা কৰা গুৱাহাটীৰ চিকিৎসকলে যাতে কোৱাৰেণ্টাইনৰ সময়ত কোনোধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া নহয় তাৰ বাবে তাজ হোটেল কৰ্তৃপক্ষৰ সৈতে আলোচনাৰ অন্তত চৰকাৰে চিকিৎসকলক উক্ত হোটেলত থকাৰ সুবিধা প্ৰদান কৰিব। 'গুৱাহাটীৰ সোণাপুৰ, মহেন্দ্ৰ মোহন আৰু জিএমচিৰ যিসকল চিকিৎসক আৰু নাৰ্ছে ট্ৰিটমেণ্ট কৰি আছে তেওঁলোকক ১৪ দিনৰ কোৱাৰেণ্টাইনত ৰখাৰ বাবে তাজ হোটেল কৰ্তৃপক্ষই সন্মতি দিছে। ৭ দিন সম্পূৰ্ণ হোৱাৰ পিছতে চিকিৎসক আৰু নাৰ্ছসকলে তাজ হোটেলত থাকিব।’-মন্ত্ৰীগৰাকীয়ে কয়।

তেওঁ কয় যে গুৱাহাটীৰ হোটেলসমূহৰ অধিকাংশতে কৰ্মচাৰী নাই বাবে এই লৈ সমস্যা হৈছিল যদিও তাজ হোটেল কৰ্তৃপক্ষই সেয়া সমাধানৰ বাবে আগবাঢ়ি আহিছে। 'তাজ হোটেলেও কৈছিল যে তেওঁলোকৰ সকলো কৰ্মচাৰী ঘৰলৈ গুচি গৈছিল। কিন্তু আজি পুৱা মই কথা পাতোতে কৈছে যে তেওঁলোকে এই বিপদৰ সময়ত ৰাজ্যবাসীৰ কথা ভাবি কৰ্মচাৰীসকলক কামলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰিব। এতিয়া ৬ তাৰিখৰ পৰা তেওঁলোকে হোটেলখন স্পেচিফিকেলি চিকিৎসক আৰু নাৰ্ছসকলৰ বাবে চলাব।’-এয়া ৰাজ্যবাসীৰ বাবে অতি ভাল খবৰ বুলি উল্লেখ কৰি এইদৰে কয় মন্ত্ৰীগৰাকীয়ে।

'কোৱাৰেণ্টাইনৰ সময়ত চিকিৎসক-নাৰ্ছসকলে এতিয়া চিন্তা কৰাৰ প্ৰয়োজন নাই। সাধাৰণ জীৱন-যাপন কৰি মানসিকভাৱে আৰু ৰোগীক চিকিৎসা সেৱা আগবঢ়াবৰ বাবে নিজকে সাজু কৰি ৰাখিব পাৰিব। ফোনত কথা পাতিব পাৰিব আৰু তলত আহি লবীখনত বহিবও পাৰিব, এটা ভাললগা পৰিৱেশ পাব।’-ইয়াৰ বাবে হোৱা সমস্ত ব্যয় ৰাজ্য চৰকাৰে বহন কৰিব বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়।

১০৮ আৰু ১০৪ কৰ্মচাৰীলৈ বিশেষ সুবিধা

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ’না ৰোগীৰ চিকিৎসাত নিয়োজিত স্বাস্থ্যকৰ্মীসকলৰ বাবে আগবঢ়োৱা ৫০ লাখ টকাৰ বীমা অসমৰ স্বাস্থ্যকৰ্মীসকলেও নিয়মমতেই লাভ কৰিব বুলি জনোৱাৰ লগতে ১০৮ৰ কৰ্মচাৰীসকলকো ৰাজ্য চৰকাৰৰ তৰফৰ পৰা ৫০ লাখৰ বীমা আগবঢ়াব বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে। একেটা সুবিধা ১০৪ কলচেণ্টাৰ তথা কৰ’না ৰোগীৰ চিকিৎসাৰ সৈতে জড়িত অন্যান্য কৰ্মীসকলকো প্ৰদান কৰা হ’ব বুলিও জনাই মন্ত্ৰী হিমন্তই।

সংবাদমেলত তেওঁ আৰু কয় যে চৰকাৰৰ নিজা কৰ্মচাৰী নহ’লেও আশাকৰ্মী, ১০৮ৰ চালক আৰু ইএমটিৰ কৰ্মীসকলকো ৩ মাহৰ বাবে অতিৰিক্ত ১০০০ টকাকৈ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰদান কৰা হ’ব। '১০৮ আৰু ১০৪ৰ কৰ্মচাৰীসকলক কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা ৫০ লাখ টকাৰ বীমা আগবঢ়োৱা হোৱা নাই বাবেই আমি নিজাববীয়াকৈ সেয়া প্ৰদানৰ সিদ্ধান্ত লৈছো। একেদৰে অতিৰিক্ত ১০০০ টকা প্ৰদানৰ জৰিয়তেও তেওঁলোকক আমি কিছু পৰিমাণে সাহস দিবলৈ চেষ্টা কৰিছো।’-সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয়।

সাংবাদিকসকললৈ আহ্বান

আজিৰ সংবাদমেলত সাংবাদিকসকলকো সতৰ্ক হৈ থাকিবলৈ পৰামৰ্শ আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে। তেওঁ কয় যে সাংবাদিকসকলেও এতিয়াও মন্ত্ৰীৰ ফুটেজ ল’বলৈ হেতা-ওপৰা লগোৱা কাৰ্য মুঠেই শোভা নাপায়। 

'মই দেখিছো আগৰ দৰেকৈ কেমেৰা পাৰ্ছনসকলে মন্ত্ৰীৰ ফুটেজ ল’বলৈ হেতা ওপৰা লগাইছে। আজিৰ দিনটোত কোনেও মন্ত্ৰীৰ ফুটেজ নাচায়। চেনেলবোৰৰ কৰ্তৃপক্ষই কেমেৰা পাৰ্ছনসকলক অলপ সতৰ্ক হ’বলৈ পৰামৰ্শ আগবঢ়াব লাগে। প্ৰতিটো বাতৰি সংগ্ৰহ কৰোতে সাংবাদিক আৰু কেমেৰা পাৰ্ছনসকলে সাৱধান হওক। নহ’লে বিপদ হ’ব। এইকেইদিন সময় আগৰ দৰে হৈ থকা নাই। গতিকে সাংবাদিকসকলে আগৰ অভ্যাস ত্যাগ কৰক।’-মন্ত্ৰীগৰাকীয়ে কয়।