গুৱাহাটীঃ কৰ্তন কৰা নহয় ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মাৰ্চ মাহৰ দৰমহা। শনিবাৰে এক সংবাদমেলযোগে এই কথা সদৰী কৰিছে ৰাজ্যৰ বিত্ত মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। মন্ত্ৰীগৰাকীয়ে জনোৱা মতে অহা ৯ অথবা ১০ এপ্ৰিলত ৰাজ্যখনৰ সকলো কৰ্মচাৰী আৰু পেঞ্চনাৰে লাভ কৰিব দৰমহা আৰু পেঞ্চন।

'ভাৰতৰ বহু ৰাজ্যই কৰ্মচাৰীসকলৰ দৰমহা কৰ্তন কৰিছে। মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা কৰাৰ অন্তত আমি কৰ্তন নকৰাৰ সিদ্ধান্ত লৈছো। আমাৰ সকলো কৰ্মচাৰীয়ে এইবাৰ সম্পূৰ্ণ দৰমহা পাব। অৱশ্যে মে’ মাহত হয়তো কৰ্তন কৰিবলগীয়া হ’ব পাৰে।’-এইদৰে কয় মন্ত্ৰীগৰাকীয়ে।

অৱশ্যে দৰমহা কৰ্তন নকৰিলেও কৰ্মচাৰী পৰিষদে এদিনৰ দৰমহা কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ কৰাত ৰাজ্য চৰকাৰক আগবঢ়োৱাৰ কথা ঘোষণা কৰা বাবে সেয়া কাটি ৰখা হ’ব বুলি সদৰী কৰে মন্ত্ৰীগৰাকীয়ে। কিন্তু যিসকল কৰ্মচাৰীয়ে সেই এদিনৰ দৰমহাও কাটি ৰখাতো নিবিচাৰে তেন্তে ডিডিঅ’ক অৱগত কৰিলে সেয়াও লাভ কৰিব বুলিও তেওঁ জনায়। 

'এইবাৰ বিহু থকা বাবেই দৰমহা কৰ্তন কৰাৰ কথা ভবা নাই। পিছে এইবাৰতো আৰু কোনেও বিহু পাতিব নোৱাৰে। গামোচা দিবলৈ কোনেও যাব নোৱাৰে। আৰু বিহুলৈ লকডাউন উঠাই দিলেও ৰেষ্ট্ৰিকশ্যনসমূহ থাকিবই। সেয়ে আমি এইবাৰ আমাৰ কৰ্মচাৰীসকলক বেলেগ ধৰণে বিহুৰ উপহাৰ দিবলৈ অনুৰোধ জনাম বুলি ভাবিছো।’-এইবাৰ দৰমহা পালেই প্ৰতিজন কৰ্মচাৰীক নিজৰ নিজৰ গাঁৱৰ বা অঞ্চলৰ ৫টাকৈ দৰিদ্ৰ পৰিয়ালৰ লোকক সহায় কৰিবলৈ আহ্বান জনাই এইদৰে কয় মন্ত্ৰী হিমন্তই।

তেওঁ কয় যে ৰাজ্য চৰকাৰৰ অতি কমেও ৫ লাখ কৰ্মচাৰী আছে আৰু এই ৫লাখ কৰ্মচাৰীয়ে ৫টাকৈ দৰিদ্ৰ পৰিয়ালক সহায় কৰিলে অতিকমেও ২৫ লাখ পৰিয়াল উপকৃত হ’ব। বিহুৰ সময়ত ইয়াতকৈ ডাঙৰ উপহাৰ আৰু একোৱেই হ’ব নোৱাৰে বুলিও মন্ত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

'এইবাৰ বিহু নহয়, পতাতো সম্ভৱো নহয়। গতিকে দৰমহা পালে কোনেও বিহুৰ কাপোৰ কিনিবলৈ যোৱাৰ কথা নাই। বিহুৰ কাপোৰ আদি কিনোতে যিমান খৰছ হ’ব তাতকৈ আধাতকৈয়ো কম খৰছ কৰি আপোনালোকে নিজৰ অঞ্চলৰ ৫টা দৰিদ্ৰ পৰিয়ালক সহায় কৰক। চাউল আমি দিছোৱেই তেওঁলোকক। বাকী বিস্কুট, ঔষধ, চাবোন আদি দি যদি আপোনালোকে সহায় কৰে তেওঁলোকে বহুত সকাহ পাব।’-মন্ত্ৰীগৰাকীয়ে কয়।  

উল্লেখ্য যে, মহাৰাষ্ট্ৰ, তেলেংগানা, অন্ধ্ৰপ্ৰদেশ, পঞ্জাৱ, ৰাজস্থান, মধ্যপ্ৰদেশকে আদি কৰি ভাৰতৰ প্ৰায়বোৰ ৰাজ্যতে ৰাজ্য চৰকাৰে কৰ্তন কৰিছে কৰ্মচাৰীসকলৰ এপ্ৰিল মাহৰ দৰমহা। কেবাখনো ৰাজ্যই ২০ শতাংশতকৈয়ো অধিক ধন কৰ্তন কৰাৰ বাতৰি পোৱা গৈছে। এই সন্দৰ্ভত মন্ত্ৰী হিমন্ত বিশ্বই কয় যে মে’ মাহত দৰমহা কৰ্তন কৰিলেও পিছত সেয়া সুতসহ ঘূৰাই দিয়াৰ ব্যৱস্থা কৰিব।