গুৱাহাটীঃ 'ছুপাৰস্প্ৰেডাৰ’ দিল্লীৰ নিজামুদ্দিনৰ বাংলেৱালী মছজিদ ভাৰতৰ কৰ’না ভাইৰাছৰ 'হটস্পট’ হৈ পৰাৰ দৰেকৈ বিলাসী অট্টালিকা স্পেনিছ গাৰ্ডেন গুৱাহাটীৰ বাবে কৰ’না ভাইৰাছৰ হটস্পট হৈ পৰিব নেকি? অট্টালিকাটোৰ ডি ব্লকত বাস কৰা মনীষ তিৱৰেৱাল নামৰ আট্যৱন্ত ব্যৱসায়ীগৰাকীৰ দেহত কৰ’না ভাইৰাছ ধৰা পৰাৰ পিছত পোহৰলৈ অহা এটাৰ পিছত এটাকৈ ঘটনাই এতিয়া প্ৰকট কৰি তুলিছে এনে সম্ভাৱনা।

বিশেষকৈ চৰকাৰ প্ৰশাসনৰ কোনোধৰণৰ আগতীয়া তৎপৰতাৰ বাবে এতিয়া মহানগৰীৰ বহু লোক এই কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈ পৰিব নেকি বুলিও প্ৰশ্ন উত্থাপিত হৈছে। প্ৰাপ্ত বাতৰি অনুযায়ী জুৰোডত থকা এই বিলাসী অট্টালিকাটোৰ পৰা কিছুদিন পূৰ্বে মহানগৰ আৰক্ষীয়ে আটক কৰিছিল দুগৰাকীকৈ চীনা নাগৰিকক।

যিসময়ত চীনৰ পৰাই সমগ্ৰ বিশ্বত কৰ’না ভাইৰাছ বিয়পি পৰিছিল সেই সময়ত বিলাসী অট্টালিকাটোৰ পৰা দুজনকৈ চীনা লোকক উদ্ধাৰ কৰাৰ পিছতো বিষয়টোক গুৰুত্বসহকাৰে নলৈ সংবাদ মাধ্যমৰ পৰাও সম্পূৰ্ণ গোপনে ৰাখিছিল এই খবৰ। অট্টালিকাটোৰ ডি ব্লকৰ একাংশ লোকে জনোৱা মতে খুৱ সম্ভৱত ২০ মাৰ্চত চীনা নাগৰিক দুজনক উক্ত ব্লকৰে এটা ফ্লেটৰ পৰা আটক কৰিছিল আৰক্ষীয়ে। 

জানিব পৰা মতে ভিভ’ কোম্পানীত কৰ্মৰত আছিল অট্টালিকাটোৰ ডি ব্লকৰ পৰা উদ্ধাৰ কৰা এই দুগৰাকী চীনা নাগৰিক। এতিয়া সেই ফ্লেটটোৰ বাসিন্দা মনীষ তিৱৰেৱাল কোভিড-১৯ত আক্ৰান্ত হোৱা বিষয়টোৱে স্পেনিছ গাৰ্ডেনবাসীক শংকিত কৰি তুলিছে। বহুতেই চীনা নাগৰিক দুজন উদ্ধাৰ হওতেই প্ৰশাসনে কিয় তৎপৰতাৰে ব্যৱস্থা গ্ৰহণ নকৰিলে বুলিও প্ৰশ্ন উত্থাপন কৰিছে। 

গেট টুগেডাৰতো ভাগ লৈছিল মনীষে, খেলিছিল হোলী

দিল্লীৰ পৰা যোৱা ১ মাৰ্চতে উভতিছিল মনীষ তিৱৰেৱাল। সেই সময়ত দিল্লীত কেবাজনো লোক কৰ’নাত আক্ৰান্ত হৈছিল যদিও স্বাস্থ্য পৰীক্ষাৰ কথা ভবা নাছিল ব্যৱসায়ীগৰাকীয়ে। এজমাৰ সমস্যাত ভুগি থকা মনীষৰ দেহত দিল্লীৰ পৰা ওভতাৰ প্ৰায় এমাহ পিছতো দেখা দিয়া নাছিল কৰ’নাৰ কোনো লক্ষণ। সেয়ে স্বাভাৱিকভাৱেই লকডাউন পৰ্যন্ত সকলোৰে সৈতে মিলা-মিছা কৰিছিল ব্যৱসায়ীগৰাকীয়ে।

বিশেষকৈ হোলীৰ সময়ত পৰিয়ালৰ লোকৰ লগতে ফ্লেটৰ বাসিন্দাসকলৰ সৈতেও হোলী খেলিছিল মনীষে। ফলত বহু লোক মনীষৰ দ্বাৰা সংক্ৰমিত হোৱাৰ সম্ভাৱনাই দেখা দিছে। আনহাতে ঘৰত উপস্থিত হৈয়ে পৰিয়ালৰ সৈতে এটি গেট টুগেডাৰ পাৰ্টীতো অংশগ্ৰহণ কৰিছিল ব্যৱসায়ীগৰাকীয়ে। 

ইফালে, মনীষ তিৱৰেৱালৰ ঘৰত গাড়ী চালকৰ লগতে কেবাগৰাকী ঘৰুৱা কামকৰা লোক থাকে বুলি জানিব পৰা গৈছে। এইসকল লোকৰ দ্বাৰাও মহানগৰীৰ আন ভিন্ন প্ৰান্তলৈ ভাইৰাছবিধ সংক্ৰমিত হোৱাৰো সম্ভাৱনা নুই কৰিব নোৱাৰি। আনহাতে অট্টালিকাটোৰ যিবোৰ উমৈহতীয়া স্থান বিশেষকৈ লিফটৰ ব্যৱহাৰৰ জৰিয়তেও এই ভাইৰাছবিধ এজনৰ পৰা আন এজন লোকলৈ বিয়পি পৰাৰ যথেষ্ট সম্ভাৱনা থাকে।

কিছুসময় পূৰ্বে স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সংবাদ মেলত ঘোষণা কৰা মতে, স্বাস্থ্য বিভাগে মনীষ তিৱৰেৱাল দিল্লীলৈ যোৱাৰ সময়ত সংক্ৰমিত হোৱাক লৈ সন্দিহান হৈ আছে। কিয়নো ১ মাৰ্চৰ পৰা ৩ এপ্ৰিললৈ ২৮ দিন সময় পাৰ হৈ গৈছে। সেয়ে গুৱাহাটী আহি পোৱাৰ পিছত আন কোনো লোকৰ দ্বাৰা তিৱৰেৱাল সংক্ৰমিত হোৱাৰ সন্দেহ কৰিছে স্বাস্থ্য বিভাগে।

'আমি এনে এটা ধাৰণা কৰিছো যে তিৱৰেৱাল গুৱাহাটীত আহি আন কোনো লোকৰ দ্বাৰা সংক্ৰমিত হৈছে। গতিকে আমি কাৰ দ্বাৰা কেনেকৈ সংক্ৰমিত হৈছে সেই সম্পৰ্কে তথ্য সংগ্ৰহ কৰি আছো। ইতিমধ্যে তিৱৰেৱালৰ সংস্পৰ্শলৈ অহা ১১১ জন লোকৰ নমুনা সংগ্ৰহ কৰি আমি টেষ্টৰ ব্যৱস্থা কৰিছো।’-আজিৰ সংবাদমেলত এইদৰে কয় স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে ব্যৱসায়ী মনীষ তিৱৰেৱালৰ পৰিয়ালৰ অধিকাংশ লোকেই থাকে নগাঁও টাউনত। সেয়ে নগাঁৱত থকা তেওঁৰ পৰিয়ালৰ লোকসকলকো কোৱাৰেণ্টাইন কৰাৰ লগতে ঘৰটোও ছেনিটাইজ কৰা হৈছে। ইফালে তিৱৰেৱালৰ পিতৃ থাকে মহানগৰীৰে ভৰলুমুখৰ এটি ৰোডৰ এটা অট্টালিকাত। ব্লেণ্ডছ লেণ্ডলাইন নামৰ উক্ত অট্টালিকাতো ছেনিটাইজৰ ব্যৱস্থা কৰিছে জিলা প্ৰশাসনে। 

এনেদৰে এতিয়া মহানগৰীৰ স্পেনিছ গাৰ্ডেন গুৱাহাটী মহানগৰীত কৰ’না ভাইৰাছৰ হটস্পট তথা ছুপাৰস্প্ৰেডাৰ হৈ পৰাৰ সম্ভাৱনাই দেখা দিছে। অৱশ্যে যদিহে আজি সংগ্ৰহ কৰা তিৱৰেৱালৰ সংস্পৰ্শলৈ অহা মুঠ ১১১ জন লোকৰ নমুনাৰ টেষ্ট নিগেটিভ ওলাই তেন্তে গুৱাহাটীবাসীৰ বাবে দুশ্চিন্তা বহু পৰিমাণে হ্ৰাস পাব। কিন্তু আৰু এটাও পজিটিভ ওলালে কৰ’নাক লৈ মহানগৰবাসী পূৰ্বতকৈ যে অধিক সতৰ্ক হ’ব লাগিব সেয়া নিশ্চিত।