চাংসাৰিঃ লকডাউনৰ মাজতে আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাংসাৰিৰ ৰে’লৱে য়াৰ্ড আৰু ভাৰতীয় খাদ্য নিগমৰ গুদামঘৰ পৰিদৰ্শন কৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মজুত সন্দৰ্ভত বুজ লয়। ইয়াৰ লগতে খাদ্য নিগমৰ বিষয়াবৰ্গ আৰু শ্ৰমিকসকলৰ সৈতেও মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
আজিৰ পৰিদৰ্শনৰ সময়ছোৱাত মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাস, মন্ত্ৰী ভৱেশ কলিতা আৰু কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতাই। পৰিদৰ্শনকালত যোগান বিভাগৰ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে সামাজিক দূৰত্ব বৰ্তাই ৰাখি তন্ন তন্নকৈ পৰ্যবেক্ষণ কৰে চাংসাৰিস্থিত ৰে’লৱে য়াৰ্ড আৰু ভাৰতীয় খাদ্য নিগমৰ গুদামঘৰসমূহ।