তিনিচুকীয়াঃ সমগ্ৰ অসমৰে এক অগ্ৰণী পৰিৱেশ সুৰক্ষাৰ সংগঠন ‘পৰিৱেশ সুৰক্ষা সমিতি, অসম’-এ ৰাজ্যখনৰ প্ৰভাৱশালী ৰাজনীতিবিদ তথা বৰ্তমানৰ অসম চৰকাৰৰ স্বাস্থ্য আৰু বিত্ত মন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মালৈ আগবঢ়াইছে ‘ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা সফল অসমীয়া বঁটা’৷ এক বিবৃতিযোগে পৰিৱেশ সংগঠনটোৱে সদৰী কৰিছে এই কথা।
উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে প্ৰদূষণ সৃষ্টি কৰিবপৰা প্লাষ্টিকজাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰাৰ আগতেই ২০১১ চনৰপৰা নিম্নমানৰ প্লাষ্টিকজাতীয় সামগ্ৰী ব্যৱহাৰৰ বিৰুদ্ধে ব্যাপক জনমত সৃষ্টি কৰি আহিছে৷ অন্যহাতে পৰিৱেশ সংৰক্ষণৰ বাবে বেচৰকাৰী পৰিৱেশ সংস্থাটোৱে প্ৰতিষ্ঠালগ্নৰেপৰা নিৰৱচ্ছিন্নভাবে অসমৰ বিভিন্ন অঞ্চলত ৰাজহুৱাকৈ গছপুলি ৰোপণ, গছপুলি বিতৰণ, প্ৰতিপালনৰ প্ৰক্ৰিয়াৰ লগতে পৰিৱেশ সচেতনা সৃষ্টিৰ বাবে বিভিন্ন জনসজাগতামূলক কাৰ্যসূচী চলাই আহিছে৷ পৰিৱেশ সচেতনা সৃষ্টিৰ বাবে সংগঠনটোৱে ২০১২ চনৰ ডিচেম্বৰত তিনিচুকীয়াৰপৰা গুৱাহাটীলৈ চাইকেল ৰেলী আৰু ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহত পদযাত্ৰা কাৰ্যসূচী গ্ৰহণ কৰিছিল৷