মোৰাঝাৰঃ হোজাই জিলাৰ ডবকা চহৰত আজি দুপৰীয়া ৰেড জ’ন হিচাপে চিহ্নিত গোলাঘাট জিলাৰ ১৫ যুৱক আহি থকা অৱস্থাত আৰক্ষীৰ তালাচিত ধৰা পৰে৷ পাছত ডবকা আৰক্ষীয়ে যুৱক কেইজনক চিকিৎসা কৰ্মীৰ হতুৱাই স্ক্ৰীনিং কৰি পুনৰ গোলাঘাটলৈ উভতাই পঠিয়ায়৷ যুৱক কেইজন এনেদৰে অহাক লৈ সমগ্ৰ ডবকাতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷
প্ৰাপ্ত তথ্য অনুসৰি আজি দুপৰীয়া হোজাই-নগাওঁ জিলাৰ সীমান্ত ৰেংবেংত ডবকা আৰক্ষীৰ এটি দলে নিয়মীয়া তালাচী চলায় আছিল৷ তেনে সময়তে নগাওঁৰ পৰা ডবকা অভিমুখে আহি থকা অৱস্থাত এ এছ ০১ এডি ১৮১৯, এ এছ ০১ বিজে ৩০৮৬ নম্বৰৰ দুখন ইনভা আৰু এএছ ০৬ জি ২০১৫ নম্বৰৰ এখন ছুইফ্ট ডিজায়াৰ গাড়ীত আহি থকা প্ৰত্যক্ষ কৰে৷ তেনে সময়তে আৰক্ষীৰ দলটোৱে গাড়ী কেইখন ৰখাই পৰীক্ষা নিৰীক্ষা কৰাত গাড়ী কেইখনত ১৫ জনকৈ যুৱক গোলাঘাট জিলাৰ লুকৰিহাটৰ পৰা ডবকা অভিমুখে আহি আছিল৷