গুৱাহাটী/বঙাইগাঁওঃ একেদিনাই ৪ জনকৈ লোক কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ ক্ষেত্ৰত বঙাইগাঁও খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত বিষয়া ডাঃ এম এম ইছলামৰ ভূমিকাক লৈ উত্থাপিত হৈছে প্ৰশ্ন। স্বাস্থ্য কেন্দ্ৰটোত কৰ্মৰত কেইগৰাকীমান নাৰ্ছে সংবাদ মাধ্যমৰ আগত চিকিৎসকগৰাকীয়ে মাস্ক খুলি দিয়া বুলি দাবী কৰাৰ পিছতে ছ’চিয়েল মিডিয়াতো একাধিক নেটিজেনে চিকিৎসকগৰাকীক একপ্ৰকাৰ ভিলেইন সজোৱা পৰিলক্ষিত হৈছে।
এগৰাকী নাৰ্ছে চিকিৎসকগৰাকীৰ বহিঃৰাজ্যত অধ্যয়নৰত দুই সন্তান অসমলৈ উভতাৰ পিছত কোৱাৰেণ্টাইন নকৰা বুলিও অভিযোগ উত্থাপন কৰিছিল। ইয়াৰ লগতে ভাৰতৰ কৰ’নাৰ অন্যতম হটস্পট নিজামুদ্দিনৰ তবলীগ জামাতলৈ যোৱা লোকৰ সৈতেও সম্পৰ্ক ৰক্ষা কৰি চলাৰ কথাও সদৰী কৰিছিল নাৰ্ছগৰাকীয়ে।