গুৱাহাটীঃ মুক্ত অনলাইন পুথিভঁৰাল হিচাপে পৰিচিত ‘ৱিকিউৎস’ৰ সক্ৰিয়তা বঢ়োৱাৰ লক্ষ্যৰে ‘চেণ্টাৰ ফ’ৰ ইণ্টাৰনেট এণ্ড ছ’ছাইটি-এক্চেচ টু ন’লেজ’ সংস্থাই ভাৰতীয় ভাষাৰ ৱিকিউৎস প্ৰকল্পসমূহৰ মাজত আয়োজন কৰা মুদ্ৰণ সংশোধনৰ প্ৰতিযোগিতাত অসমীয়া ৱিকিউৎসই তৃতীয় স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। অসমীয়া ৱিকিউৎসৰ ফেচবুক পেজত উল্লেখ থকা মতে ‘ইণ্ডিক ৱিকিছ’ৰ্চ প্ৰুফৰিডথন’ শীৰ্ষক এই প্ৰতিযোগিতাখন ১মে’ৰ পৰা ১০ মে’লৈকে চলিছিল।
১২ টা ভাৰতীয় ভাষাই অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অসমীয়া ভাষায়ো যোগদান কৰে ৷ যোৱা ১২ মে’ত ঘোষণা কৰা হয় প্ৰতিযোগিতাৰ ফলাফল। ফলাফল অনুসৰি, অসমীয়া ৱিকিউৎসই এই প্ৰতিযোগিতাত তৃতীয় স্থান লাভ কৰে৷ আনহাতে মাৰাঠী ৱিকিউৎস আৰু তামিল ৱিকিউৎসই যথাক্ৰমে প্ৰথম আৰু দ্বিতীয় স্থান অধিকাৰ কৰে।