53
গোৱালপাৰাঃ লকডাউনৰ মাজতে গোৱালপাৰাত উদ্ধাৰ হৈছে যোৱা শনিবাৰৰ পৰা অন্তৰ্ধান হৈ থকা দুটাকৈ ম’হ। গোৱালপাৰা নদী আৰক্ষী থানাৰ অন্তৰ্গত খানখোৱা চৰৰ পৰা যোৱা শনিবাৰে অন্তৰ্ধান হৈছিল ম’হ দুটা।
ম’হৰ গৰাকীয়ে চাৰিওফালে বিচাৰ-খোচাৰ কৰে যদিও সোমবাৰে সন্ধিয়ালৈকে কোনো শুংসূত্ৰ উলিয়াব পৰা নাছিল। অৱশেষত সোমবাৰে সন্ধিয়াৰ ভাগত গোৱালপাৰা চহৰৰ নিউ বাকুৰপাৰাত পকী দেৱালেৰে আবৃত এটি চৌহদত ম’হ দুটা বান্ধি থোৱা অৱস্থাত প্ৰত্যক্ষ কৰে গৰাকী চানমিঞাই।