লক্ষ্নৌঃ কৰ’না কালৰ মাজতে উত্তৰ প্ৰদেশত মঙলবাৰে কেমেৰাৰ সমুখত দিন-দুপৰতে সমাজবাদী পাৰ্টীৰ এজন নেতা আৰু তেওঁৰ পুত্ৰক গুলীয়াই হত্যা কৰা হয়। ৰাজ্যখনৰ পশ্চিম প্ৰান্তৰ ছম্ভাল জিলাৰ এখন গাঁৱত সংঘটিত হয় এই ঘটনা। 

মনৰেগা আঁচনিৰ অধীনত নিৰ্মাণ কাৰ্য চলি থকা এটা পথক লৈ হোৱা বিবাদৰ পিছতে স্থানীয় এজন লোকে গুলীয়াই হত্যা কৰে সমাজবাদী নেতা চোটে লাল দিবাকৰ আৰু তেওঁৰ পুত্ৰ সুনীলক। এই সমস্ত ঘটনাৰ দৃশ্য মোবাইল কেমেৰাত আৱদ্ধ কৰি ৰাখে এজন প্ৰত্যক্ষদৰ্শীয়ে।

২ মিনিট ৩০ ছেকেণ্ডৰ ভিডিঅ’টোত এজন বগা ছাৰ্ট পৰিহিত আৰু আন এজন গুলপীয়া ছাৰ্ট পিন্ধা লোকক দেখা গৈছে। বোকাময় পথত হাতত বন্দুক লৈ লোক দুজনে সমাজবাদী পাৰ্টীৰ নেতা আৰু তেওঁৰ পুত্ৰৰ সৈতে প্ৰথমে কাজিয়াত লিপ্ত হয় আৰু পিছত এজনে চিঞৰি উঠে, 'গুলীয়াই দে।’ 

ইয়াৰ পিছতে লোক দুজনে অলপ পিছুৱাই গৈ সমাজবাদীৰ নেতাজন আৰু তেওঁৰ পুত্ৰক উদ্দেশ্যি বন্দুক টোৱাই লৈ গুলী এৰি দিয়ে। লগে লগে ঢলি পৰে পিতা আৰু পুত্ৰ।

স্থানীয় লোকসকলে জনোৱা মতে, নিহত দিবাকৰৰ পত্নী জিলাখনৰ ছেমছই গাঁৱৰ প্ৰধান। মনৰেগা আঁচনিৰ অধীনত গাঁওখনত নিৰ্মাণ হৈ থকা সৰু পথ এটা পথাৰৰ মাটিৰে যোৱাক লৈ অসন্তুষ্ট হৈ পৰিছিল গুলী চলোৱা লোক দুজন। এই লৈ বহু সময় ধৰি দিবাকৰ আৰু পুত্ৰৰ সৈতে তৰ্কাতৰ্কিত লিপ্ত হৈছিল তেওঁলোক।

ঘটনা সন্দৰ্ভত বাতৰি যুগুতোৱা পৰলৈ কোনো লোকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হোৱা নাই। লকডাউনৰ মাজতে সংঘটিত এই ঘটনাক লৈ তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰিছে সমাজবাদী পাৰ্টীৰ জিলা সভাপতি ফিৰোজ খানে। অৱশ্যে ঘটনাটোৰ তদন্ত আৰম্ভ কৰি অপৰাধীক ধৰিবলৈ সন্ধান অব্যাহত ৰাখিছে ছম্ভাল জিলাৰ আৰক্ষীয়ে।