120
লক্ষ্নৌঃ কৰ’না কালৰ মাজতে উত্তৰ প্ৰদেশত মঙলবাৰে কেমেৰাৰ সমুখত দিন-দুপৰতে সমাজবাদী পাৰ্টীৰ এজন নেতা আৰু তেওঁৰ পুত্ৰক গুলীয়াই হত্যা কৰা হয়। ৰাজ্যখনৰ পশ্চিম প্ৰান্তৰ ছম্ভাল জিলাৰ এখন গাঁৱত সংঘটিত হয় এই ঘটনা।
মনৰেগা আঁচনিৰ অধীনত নিৰ্মাণ কাৰ্য চলি থকা এটা পথক লৈ হোৱা বিবাদৰ পিছতে স্থানীয় এজন লোকে গুলীয়াই হত্যা কৰে সমাজবাদী নেতা চোটে লাল দিবাকৰ আৰু তেওঁৰ পুত্ৰ সুনীলক। এই সমস্ত ঘটনাৰ দৃশ্য মোবাইল কেমেৰাত আৱদ্ধ কৰি ৰাখে এজন প্ৰত্যক্ষদৰ্শীয়ে।