বোকাজানঃ চীনৰ পিছতে বিশ্বৰ বিভিন্ন প্রান্তত ত্রাসৰ সৃষ্টি কৰা কৰ’না ভাইৰাছে পৰৱৰ্তী সময়ত ভাৰতৰ বিভিন্ন ৰাজ্যত মহামাৰীৰ ৰূপ ধাৰণ কৰাৰ সমান্তৰালকৈ এই ভাইৰাছৰ গ্ৰাসত বৰ্তমান কঁপিছে অসম৷ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাত আজি পুনৰ নতুনকৈ আৰু দুজন ক’ভিড-১৯ত আক্ৰান্ত ব্যক্তি চিনাক্ত হোৱাৰ লগে লগে মহকুমাটোত এই সংখ্যা ৪ জনলৈ বৃদ্ধি হয়।
আজি চিনাক্ত হোৱা ব্যক্তি দুজন হৈছে ক্ৰমে বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত ঘৰিয়ালডুবি ন-কাটাৰ বাসিন্দা ভৰত মাহাতু (২৯) আৰু বালিপথাৰ নেপেৰপেত্তিৰ বাসিন্দা গিদিঅন ম’মিন (২৪)।