বোকাজানঃ বোকাজান বিলাতী মাটি কাৰখানা, নামেই যাৰ পৰিচয়। কাৰখানাটো পাৰ্বত্য জিলা কাৰ্বি আংলংৰ সম্পদ আৰু গৌৰৱ৷ থলুৱা আৰু স্থানীয় শ্ৰমিকৰ শ্ৰমদানেৰে উৎপাদন কাৰ্য চলাই অহা কাৰখানাটোৱে ভাৰতীয় চিমেণ্ট নিগম ৰুগ্ন হৈ পৰাৰ সময়তো এককভাৱে উৎপাদন কৰি লাভৰ মুখ দেখি আহিছে৷
কিন্তু এই লাভজনক উদ্যোগটো সংশ্লিষ্ট কৰ্তৃপক্ষৰ অনীহা তথা ভাৰতীয় চিমেণ্ট নিগমৰ উদাসীনতাত সম্প্ৰতি মৃত্যুৰ দুৱাৰদলিত৷ ইয়াৰ আন এটা মূল কাৰণ হ’ল কাৰখানাটোৰ আওপুৰণি হৈ পৰা যন্ত্ৰপাতিসমূহ।