কাঠমাণ্ডুঃ ভাৰত আৰু নেপালৰ মাজত দীৰ্ঘদিনীয়া সু-সম্পৰ্কৰ দূৰত্ব ক্ৰমাৎ বৃদ্ধি পোৱাৰ সময়তে শুকুৰবাৰে দুয়ো দেশৰ সীমান্তত সংঘটিত হয় এক অঘটন। বিহাৰৰ সীতামড়ি জিলাৰ সোণবৰছা ক্ষেত্ৰৰ ভাৰতৰ অন্তৰ্গত জানকীনগৰ আৰু নেপালৰ অন্তৰ্গত নাৰায়ণপুৰত পুৱা প্ৰায় ৮ বজাত সংঘটিত গুলীচালনাৰ ঘটনাত এজন ভাৰতীয় লোক নিহত হোৱাৰ লগতে আহত হয় আন দুজন লোক।

সীতামড়ি জিলাৰ আৰক্ষী অধীক্ষক অনিল কুমাৰে সংবাদ মাধ্যমৰ আগত জনোৱা মতে ভাৰতীয় স্থানীয় লোক আৰু নেপাল আৰক্ষীৰ মাজত হোৱা হতাহতিৰ পিছতে সীমান্ত অঞ্চলটোত নেপাল আৰক্ষীয়ে গুলীচালনা কৰে। অৱশ্যে তেওঁ এই ঘটনা কেনেকৈ হ’বলৈ পালে সেয়া জনোৱাৰ পৰা বিৰত থাকে।

নেপালৰ সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে, কেবাজনো ভাৰতীয় লোকৰ দল এটাই অবৈধভাৱে নেপালত প্ৰৱেশ কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে দেশখনৰ সীমান্তত নিয়োজিত আৰক্ষীয়ে বাধা প্ৰদান কৰে। নেপাল আৰক্ষীৰ এগৰাকীৰ শীৰ্ষ বিষয়াই 'বিবিচি নেপালী’ক জনোৱা মতে ভাৰতীয় তস্কৰৰ দল এটাই নেপালত প্ৰৱেশ কৰিবলৈ চেষ্টা চলোৱাৰ সময়তে তেওঁলোকে গুলী চলাবলৈ বাধ্য হৈ পৰে।

'ভাৰতীয় তস্কৰৰ দলটোৱে আমাৰ আৰক্ষী জোৱানৰ অস্ত্ৰ কাঢ়ি নিবলৈ চেষ্টা চলাইছিল। গতিকে গুলী চলোৱাৰ বাদে আমাৰ হাতত বিকল্প নাছিল। আমাৰ আৰক্ষীয়ে গুলী চলোৱাত তস্কৰৰ দলটোৰ সদস্যসকলে পলায়ন কৰে। কিন্তু এজনৰ মৃত্যু হয় আৰু ৫ জন আহত হয়। নিহতজনৰ নাম বিকাশ বুলি আমি জানিব পাৰিছো। মৃতদেহ ভাৰতীয় কৰ্তৃপক্ষক নিয়মৰ মাজেৰে গতাই দিয়া হৈছে।’-এইদৰে কয় নেপাল আৰক্ষীৰ এজন শীৰ্ষ বিষয়াই।

উল্লেখ্য যে, ভাৰত-নেপাল সীমান্তৰ উক্ত অঞ্চলটোৰে এনেদৰে বিহাৰৰ পৰা বহু লোকে অবৈধভাৱে নেপালত প্ৰৱেশ কৰি আহিছে। মূলত অবৈধ সামগ্ৰীৰ সৰবৰাহৰ বাবেই উক্ত অঞ্চলটোক ব্যৱহাৰ কৰি আহিছে একাংশ তস্কৰে। লকডাউনৰ সময়তো এনেদৰে অবৈধভাৱে প্ৰৱেশৰ চেষ্টা চলাওতে কেবাজনো ভাৰতীয় লোক ধৰা পৰা বুলিও দাবী কৰিছে নেপালে।

এইবোৰৰ মাজতে শুকুৰবাৰে নেপাল আৰক্ষীয়ে এনেদৰে গুলীচালনা কৰা ঘটনাই বহন কৰিছে বিশেষ তাৎপৰ্য। বিশেষকৈ দুয়ো দেশৰ মাজত সীমান্তক লৈ মতানৈক্যই দেখা দিয়াৰ সময়তে সংঘটিত এই ঘটনাই দেশ দুখনৰ মাজৰ কূটনৈতিক সম্পৰ্কত যথেষ্ট প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে।