বিশেষ প্ৰতিবেদনঃ পলিঅ’ৰ ভেকচিনৰ দৰেকৈ শীঘ্ৰেই আশাকৰ্মীৰ হাতত উঠি আপোনাৰ পদূলি পাব নেকি কৰ’নাৰ ৰাছিয়ান ভেকচিন? বাতৰি অনুযায়ী নিৰাশাৰ মাজতো আশাৰ সঞ্চাৰ কঢ়িয়াইছে ৰাছিয়াৰ এখন বিশ্ববিদ্যালয়ৰ গৱেষকৰ এটি দলে। সমগ্ৰ বিশ্বতে ১ কোটি ২৮ লাখৰো অধিক লোক কৰ’নাত আক্ৰান্ত হোৱাৰ লগতে ৫ লাখ ৫৫ হাজাৰ লোক মৃত্যুমুখত পৰাৰ সময়তে ৰাছিয়াৰ ছেচেন’ফ বিশ্ববিদ্যালয়ৰ গৱেষক দল এটাই কৰ’না ভাইৰাছৰ প্ৰথম ভেকচিন প্ৰস্তুত কৰি উলিওৱা বুলি দাবী কৰিছে।
ৰাছিয়ান সংবাদ সংস্থা স্পুটনিকত প্ৰকাশিত এটি বাতৰিত কোৱা হৈছে যে ইনষ্টিটিউট ফৰ ট্ৰানেশ্যনেল মেডিচিন এণ্ড বায়’টেকনল’জিৰ সঞ্চালক বাডিম টৰাছেভে বিশ্বৰ প্ৰথমটো কৰ’না ভেকচিনৰ ক্লিনিকেল ট্ৰায়েল সফলতাৰে সম্পূৰ্ণ কৰিছে বুলি ঘোষণা কৰিছে।