জেনেভাঃ কৰ’না মহামাৰীক লৈ প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ নকৰিলে পৰিস্থিতি আৰু অধিক ভয়াৱহ হৈ পৰিব। সোমবাৰে এই মন্তব্য কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই চমুকৈ WHOৰ মূৰব্বী ডাঃ টেড্ৰ’ছ এডনাম গেব্ৰিয়েছেছে। তেওঁ আৰু কয় যে কৰ’না ৰোধৰ ক্ষেত্ৰত বহু দেশে ভুল পথেৰে অগ্ৰসৰ হৈছে।
‘কৰ’না ভাইৰাছৰ সংক্ৰমণৰ নতুন ঘটনা দিনে দিনে বৃদ্ধি পায়েই আছে। ইয়াৰ পৰা এয়াই প্ৰমাণিত হয় যে যিসমূহ উপায় আৰু পদ্ধতিৰ কথা কৈ অহা হৈছে সেইসমূহ সঠিকভাৱে পালন কৰা হোৱা নাই। অৰ্থাৎ আমি এক ভয়াৱহ পৰিস্থিতিৰ দিশে গতি কৰিছো।’- WHOৰ মূৰব্বীগৰাকীৰ মন্তব্য।