উজনি অসমৰ পথাৰ সমূহত সাধাৰণতে কৃষকসকলে শালি খেতি কৰিয়েই মাটিখিনি পুনৰ শালি খেতি কৰাৰলৈকে চন পেলাই থয় । বৰ্তমান সময়ত বৈজ্ঞানিক পদ্ধতিৰে ধান কটাৰ পাছতেই জিৰ’ টিলেজ পদ্ধতিৰে আলু খেতি কৰি লাভাম্বিত হ’ব পাৰি । এই খেতি বহুত কম খৰচী । নূন্যতম মূলধনৰ জৰিয়তে প্ৰয়োগ অধিক লাভাম্বিত হ’ব পাৰি ।
এই খেতিৰ কাৰণে মাটি চহ কৰাৰ কোনো প্ৰয়োজন নাই । এই খেতিৰ প্ৰধান সম্বল হ’ল পথাৰৰ ধান কটাৰ পাছত পৰি ৰোৱা নৰা সমূহ । ধান কটাৰ লগে লগেই নৰা সমূহ সমান্তৰালকৈ কাটিব লাগে । এই নৰা পথাৰৰ পৰা সামান্য আঁতৰ কৰি আলু ৰ বীজ ৰ বাবে বৰ্গ ক্ষেত্ৰ আকাৰে গোটেই পথাৰখন প্ৰস্তুত কৰিব লাগে । তাৰ পাছতেই Kufri Surya প্ৰজাতিৰ আলুবিধ জিৰ’ টিলেজ পদ্ধতিৰ বাবে অতি উপযুক্ত । এই আলুৰ বীজ সমূহৰ সামান্য গঁজালি দেখাৰ লগে লগেই জৈৱিক সাৰ পৰ্যাপ্ত পৰিমাণে সংগ্ৰহ কৰিব লাগে । তাৰ পাছত জৈৱিক সাৰৰ ৭৫% ৰ লগত NPK , Super , Potash , Urea ৰ ২৫% ৰ ভাল ধৰণে সংমিশ্ৰণ কৰি লৈ( জৈৱিক সাৰ ৭৫% আৰু ৰাসায়নিক সাৰ ২৫% ) ।
এডাল দীঘল ৰচীৰ সহায়ত বীজ ৰোপনৰ বাবে(লাইনটো পোন হ’বৰ বাবে) এতিয়া জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ সংমিশ্ৰণটো ৰছীডালৰ ৮ ইঞ্চিৰ দূৰে দূৰে দিয়াৰ ব্যৱস্থা কৰিব লাগে । এনেদৰে দ্বিতীয় লাইনটো পথালিকৈ ১৪ ইঞ্চি ব্যৱধানত ঠিক একেদৰেই আৰম্ভ কৰিব লাগে আৰু দ্বিতীয় লাইনটোৰ পৰা তৃতীয় লাইনটো ২৪ ইঞ্চি দূৰত্বত আৰম্ভ কৰিব লাগে । তাৰ ঠিক পাছতেই সাৰৰ সংমিশ্ৰণটোৰ ওপৰত আলুখিনি সুক্ষ্মভাৱে এটা এটাকৈ দিয়াৰ ব্যৱস্থা কৰিব লাগে ।