Home অন্যান্য খবৰজিৰো টিলেজ পদ্ধতিৰে আলুখেতি

জিৰো টিলেজ পদ্ধতিৰে আলুখেতি

by News Desk
152 views
A+A-
Reset

উজনি অসমৰ পথাৰ সমূহত সাধাৰণতে কৃষকসকলে শালি খেতি কৰিয়েই মাটিখিনি পুনৰ শালি খেতি কৰাৰলৈকে চন পেলাই থয় । বৰ্তমান সময়ত বৈজ্ঞানিক পদ্ধতিৰে ধান কটাৰ পাছতেই জিৰ’ টিলেজ পদ্ধতিৰে আলু খেতি কৰি লাভাম্বিত হ’ব পাৰি । এই খেতি বহুত কম খৰচী । নূন্যতম মূলধনৰ জৰিয়তে প্ৰয়োগ অধিক লাভাম্বিত হ’ব পাৰি ।

এই খেতিৰ কাৰণে মাটি চহ কৰাৰ কোনো প্ৰয়োজন নাই । এই খেতিৰ প্ৰধান সম্বল হ’ল পথাৰৰ ধান কটাৰ পাছত পৰি ৰোৱা নৰা সমূহ । ধান কটাৰ লগে লগেই নৰা সমূহ সমান্তৰালকৈ কাটিব লাগে । এই নৰা পথাৰৰ পৰা সামান্য আঁতৰ কৰি আলু ৰ বীজ ৰ বাবে বৰ্গ ক্ষেত্ৰ আকাৰে গোটেই পথাৰখন প্ৰস্তুত কৰিব লাগে । তাৰ পাছতেই Kufri Surya প্ৰজাতিৰ আলুবিধ জিৰ’ টিলেজ পদ্ধতিৰ বাবে অতি উপযুক্ত । এই আলুৰ বীজ সমূহৰ সামান্য গঁজালি দেখাৰ লগে লগেই জৈৱিক সাৰ পৰ্যাপ্ত পৰিমাণে সংগ্ৰহ কৰিব লাগে । তাৰ পাছত জৈৱিক সাৰৰ ৭৫% ৰ লগত NPK , Super , Potash , Urea ৰ ২৫% ৰ ভাল ধৰণে সংমিশ্ৰণ কৰি লৈ( জৈৱিক সাৰ ৭৫% আৰু ৰাসায়নিক সাৰ ২৫% ) ।
এডাল দীঘল ৰচীৰ সহায়ত বীজ ৰোপনৰ বাবে(লাইনটো পোন হ’বৰ বাবে) এতিয়া জৈৱিক সাৰ আৰু ৰাসায়নিক সাৰৰ সংমিশ্ৰণটো ৰছীডালৰ ৮ ইঞ্চিৰ দূৰে দূৰে দিয়াৰ ব্যৱস্থা কৰিব লাগে । এনেদৰে দ্বিতীয় লাইনটো পথালিকৈ ১৪ ইঞ্চি ব্যৱধানত ঠিক একেদৰেই আৰম্ভ কৰিব লাগে আৰু দ্বিতীয় লাইনটোৰ পৰা তৃতীয় লাইনটো ২৪ ইঞ্চি দূৰত্বত আৰম্ভ কৰিব লাগে । তাৰ ঠিক পাছতেই সাৰৰ সংমিশ্ৰণটোৰ ওপৰত আলুখিনি সুক্ষ্মভাৱে এটা এটাকৈ দিয়াৰ ব্যৱস্থা কৰিব লাগে ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0