Home অন্যান্য খবৰ১৫ জুলাইতো গোলাঘাট বন্ধ থাকিব, খুলিব নোৱাৰিব দোকান-পোহাৰ

১৫ জুলাইতো গোলাঘাট বন্ধ থাকিব, খুলিব নোৱাৰিব দোকান-পোহাৰ

by News Desk
71 views
A+A-
Reset

গোলাঘাট, ১৪ জুলাই : গোলাঘাট জিলাত ক’ভিড 19ৰ সংক্ৰমণ ৰোধ কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে জাৰি কৰা দোকান-পোহাৰ বন্ধৰ নিৰ্দেশনা ১৫ জুলাই, বৃহস্পতিবাৰলৈ বৃদ্ধি কৰা হৈছে । ক’ভিডৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে এই সিদ্ধান্ত গ্ৰহণ কৰিছে । এই সময়ছোৱাত গাখীৰ বিক্ৰী কেন্দ্ৰ আৰু ফাৰ্মাচীসমূহৰ বাহিৰে গেলামাল, শাক-পাচলি আৰু ফল-মূলৰ দোকানসমূহকে ধৰি সকলো ব্যৱসায় প্ৰতিষ্ঠান বন্ধ থাকিব । জিলা উপায়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰীযুত মৃগেশ নাৰায়ণ বৰুৱাই এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে । অৱশ্যে এই সময়ছোৱাত পেট্ৰল পাম্প, গেছ এজেঞ্চি, বেংক, চাহ বাগিচা আৰু অন্য জৰুৰী সেৱাসমূহ পূৰ্বৰ দৰে খোলা থাকিব । এই নিৰ্দেশ উলংঘা কৰা লোকৰ বিৰুদ্ধে অসম ক’ভিড19 নিয়ন্ত্ৰণ অধিনিয়ম, দুৰ্যোগ ব্যৱস্থাপনা আইন ২০০৫ আৰু ভাৰতীয় দণ্ডবিধিৰ ১৮৮ ধাৰাৰ অধীনত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি নিৰ্দেশনাটোত কোৱা হৈছে । উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে ১৩ জুলাই মঙলবাৰ আৰু ১৪ জুলাই বুধবাৰে জিলাখনৰ সকলো দোকান-পোহাৰ বন্ধ ৰখাৰ বাবে প্ৰশাসনে নিৰ্দেশ জাৰি কৰিছিল । ৰাজ্য চৰকাৰৰ নিৰ্দেশক্ৰমে সমগ্ৰ জিলাখনতে সম্প্ৰতি সান্ধ্য আইন অব্যাহত আছে । 

জিলা তথ্য আৰু জনসংযোগ বিষয়া, গোলাঘাট

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0