Home অন্যান্য খবৰমহানগৰীত ফিট ইণ্ডিয়া দৌৰ অনুস্থানৰ আয়োজন

মহানগৰীত ফিট ইণ্ডিয়া দৌৰ অনুস্থানৰ আয়োজন

by News Desk
A+A-
Reset
FIT

ডিজিটেল ডেস্ক,১৮ চেপ্টেমম্বৰ : দেশৰ স্বাধীনতাৰ ৭৫ বৰ্ষপূৰ্তী উপলক্ষে ভাৰত চৰকাৰে স্বাধীনতাৰ অমৃত মহোৎসৱ সমগ্ৰ দেশতে পালন কৰি আছে।ইয়াৰে অংশ হিচাপে আজি ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰালয়ৰ অধীনস্থ নেহৰু যুৱ কেন্দ্ৰই সমগ্ৰ দেশৰ লগতে অসমতো ফিট ইণ্ডিয়া মুক্ত দৌৰ শীৰ্ষক এক অনুস্থানৰ আয়োজন কৰে।অসমৰ প্ৰতিখন জিলাতেই ৰাজ্যিক ক্ৰীড়া কাৰ্যালয়ৰ সহযোগত এই অনুস্থান আয়োজিত হয়।গ্ৰাম্যঞ্চলত ৭৫ গৰাকী আৰু চহৰাঞ্চলত ১০০ গৰাকী যুৱক-যুৱতীয়ে এই অনুস্থানত অংশগ্ৰহন কৰে।

কামৰূপ মহানগৰ জিলাৰ এই ফিট ইণ্ডিয়া স্বাধীন দৌৰ অনুস্থান আয়োজন কৰা হয় মহনগৰীৰ নেহৰু ষ্টেডিয়ামত।দৌৰ ফ্লেগ অফ কৰে গুৱাহটী লোকসভা সমষ্টিৰ সাংসদ মাননীয় কুইন ওঝাই।অনুস্থানত উপস্থিত থাকে ২০১৭ চনৰ ৰাষ্ট্ৰীয় ক্ৰীড়াত সোণৰ পদক বিজয়ী খেলুৱৈ অংকুশিতা বড়ো,নেহৰু যুৱ কেন্দ্ৰৰ ৰাজ্যিক নিৰ্দেশক চয়েদ আলি,বক্সিং প্ৰশিক্ষক ত্ৰিদিপ বড়ো,মায়া শংকৰ বাৰ্মা,জিলা যুৱ সমন্বয়ক,কামৰুপ মহানগৰ জিলা আদি অতিথিয়ে।কামৰূপ মহানগৰ জিলাৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰায় ১০০ গৰাকী অংশগ্ৰহনকাৰীয়ে এই দৌৰত অংশগ্ৰহণ কৰি নিজক সুস্থ ৰখাৰ বাবে প্ৰতিদিনে আধাঘণ্টা সময় ব্যায়াম কৰাৰ বাবে শপত বাক্য পাঠ কৰে।ৰাতিপুৱা ৮ বজাত নেহৰু ষ্টেডিয়ামৰ পৰা অৰম্ভ হোৱা এই দৌৰ আমবাৰী হৈ পুনৰ নেহৰু ষ্টেডিয়ামত সমপ্ত হয়।এই অনুস্থানত বক্তব্য ৰাখি সাংসদ কুইন ওঝাই কয় যে যুৱক যুৱতীৰ স্বাস্থ্য ভালে ৰাখিবলৈ ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আহ্বান জনাই প্ৰতিবছৰে ৮ অক্টোবৰৰ দিনটো ফিট ইণ্ডিয়া দিৱস হিচাপে উৎযাপন কৰাৰ বাবে আহ্বান জনোৱাটো প্ৰশ্ংসনীয়।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0