নাওকাটাঃ প্ৰতিবছৰে বাৰিষাৰ কালছোৱাত ফেনেফোটোকাৰে বাঢ়ি আহে ভূটান পাহাৰৰ পৰা নামি অহা খৰস্ৰোতা বৰনদী। চকুৰ পচাৰতে উটুৱাই লৈ যায় ঘৰ-দুৱাৰ, সেউজ ভূমি। নিজ চকুৰ সন্মুখতে থানবান হৈ পৰে গঞাৰ সপোন। এয়া কোনো কথাছবিৰ আৰম্ভণি নহয়। এয়াই বাস্তৱ ছবি বিটিএডিৰ বৃহত্তৰ ভাৰত-ভূটান সীমান্তবাসীৰ।
দেশে স্বাধীনতা লাভ কৰাৰ সাতটাকৈ দশক অতিক্ৰম কৰাৰ পিছতো জনতাৰ ভোটেৰে ক্ষমতাৰ মচনদ দখল কৰা চৰকাৰী পক্ষৰ পৰা চৰম শোষিত-নিস্পেষিত এই অঞ্চলৰ জনতা। মাত্ৰ নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক দলৰ নেতা-কৰ্মীৰ দৃষ্টিত হঠাৎ গুৰুত্বপূৰ্ণ হৈ উঠে এইসকল লোক৷