নতুন দিল্লী/গুৱাহাটীঃ বিজেপিৰ মুখপাত্ৰ নুপূৰ শৰ্মাৰ হজৰত মহম্মদ বিতৰ্কক লৈ উত্তাল হৈ পৰিছে সমগ্ৰ দেশ। ইয়াৰ বিৰুদ্ধে সাব্যস্ত কৰা প্ৰতিবাদে ইতিমধ্যে কেবাখনো ৰাজ্যত ধাৰণ কৰিছে হিংসাত্মক ৰূপ। ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত প্ৰতিবাদ সাব্যস্ত কৰিবলৈ আহি আৰক্ষীৰ গুলীত প্ৰাণ হেৰুৱাইছে দুজনকৈ লোকে। উত্তৰ প্ৰদেশকে ধৰি বহুকেইখন ৰাজ্যত প্ৰতিবাদত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে শতাধিক লোকক।
নুপূৰ শৰ্মা আৰু নবীন জিন্দালৰ মন্তব্যক লৈ ভাৰতীয় মুছলমানসকলৰ মাজত অব্যাহত থকা প্ৰতিক্ৰিয়াই অসমত বৰ্তমানলৈকে ভয়াৱহ ৰূপ ধাৰণ কৰা নাই যদিও ৰাজ্যখনত ইয়াৰ আন এক প্ৰভাৱ পৰাহে দেখা গৈছে। প্ৰাপ্ত খবৰ অনুযায়ী এই সমগ্ৰ ঘটনাৰ ফলত আৰ্থিকভাৱে বিগত সময়ছোৱাত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে অসমৰ চাহ উদ্যোগ।