নতুন দিল্লীঃ অৱশেষত সৰ্বোচ্চ ন্যায়ালয় পালে উত্তৰ প্ৰদেশৰ বুলডজাৰ কাণ্ডই। সোমবাৰে উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ চৰকাৰে বিগত সময়ছোৱাত সততে বুলডজাৰ ব্যৱহাৰ কৰি অহা কাৰ্যৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় জমিয়ত উলেমা-ই-হিন্দ। বুলডজাৰৰ অনাহক ব্যৱহাৰৰ বিৰুদ্ধে জনোৱা আবেদনখনত জমিয়তে উত্তৰ প্ৰদেশ চৰকাৰে দেশৰ আইন-কানুনক ভৰিৰে মোহাৰি অহাৰ অভিযোগ উত্থাপন কৰিছে।
আবেদনখনত সংগঠনটোৱে আইনী প্ৰক্ৰিয়া অবিহনে কোনো ব্যক্তিৰে ঘৰ বুলডজাৰেৰে ভাঙি নিদিবলৈ নিৰ্দেশ দিবলৈ আহ্বান জনাইছে। লগতে নিজৰ মন-মৰ্জিমতে কাম কৰি অহা চৰকাৰী বিষয়া আৰু আৰক্ষীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈকো সৰ্বোচ ন্যায়ালয়ক আহ্বান জনাইছে জমিয়ত উলেমা-ই-হিন্দে।