গুৱাহাটীঃ যিকোনো মূহুৰ্ততে অসম অসামৰিক সেৱা (এ চি এছ) আৰু অসম আৰক্ষী সেৱা(এ পি এছ)ৰ একাংশ বিষয়া গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা প্ৰৱল হৈছে। অসম লোক সেৱা আয়োগ (এ পি এছ চি)ৰ নিলম্বিত অধ্যক্ষ ৰাকেশ পাল নেতৃত্বাধীন বাহিনীক লাখ লাখ টকা দি চাকৰি লৈ ৰাজ্যৰ বিভিন্ন স্থানত কাৰ্যনিৰ্বাহ কৰি থকা এ চি এছ-এ পি এছ অথবা ইয়াৰ সংলগ্ন সেৱাৰ বিষয়াৰ বিৰুদ্ধে যিকোনো সময়তে অভিযান চলাবলৈ সাজু হৈছে তদন্তকাৰী আৰক্ষী।
আজি পুনৰ ডিব্ৰুগড় আৰক্ষীয়ে ইতিমধ্যে ধৃত তিনি এ চি এছ বিষয়া ক্ৰমে ভাস্কৰজ্যোতি শৰ্মা, ভাস্কৰজ্যোতি দত্ত দাস আৰু অমিতজ্যোতি শৰ্মাক দুৰ্নীতিৰ মহানায়ক ৰাকেশ পালৰ সৈতে জেৰা কৰে। এই জেৰাত বহু গুৰুত্বপূৰ্ণ তথ্য উদ্ধাৰ হয় বুলি তদন্তকাৰী আৰক্ষীৰ এক সূত্ৰই জানিবলৈ দিছে।অৱশ্যে তদন্তৰ খাতিৰত সূত্ৰটোৱে অধিক তথ্য প্ৰকাশৰ পৰা বিৰত থাকে।