মোৰাঝাৰঃ ধৰ্মীয় সংখ্যালঘু লোকসকলক চক্ৰান্তমূলকভাৱে বাংলাদেশীৰ অপযশ দি নানা ধৰণে হাৰাশাস্তি চলাই অহাৰ অভিযোগ তুলিছে হোজাই জিলা জমিয়তে৷ হোজাই জিলা জমিয়ত উলেমাৰ সভাপতি মৌলানা আজিৰ উদ্দিন, সাধাৰণ সম্পাদক মুফতি ছৈয়দ আহমেদ, কাৰ্যালয় সম্পাদক মৌলানা চিৰাজ উদ্দিনে এক বিবৃতিযোগে কয় যে হোজাই জিলা প্ৰশাসনে ৰাজহুৱা কৰা তালিকাখনত নথি-পত্ৰ থকা স্বদেশী লোকসকলকো ষড়যন্ত্ৰমূলকভাৱে বাংলাদেশী বুলি ঘোষণা কৰি হাৰাশাস্তি কৰি আহিছে।
কেৱল ধৰ্মীয় সংখ্যালঘু লোকসকলক টাৰ্গেট কৰি হকে-বিহকে বাংলাদেশী ঘোষণা কৰাৰো বিস্ফোৰক অভিযোগ তোলে। ডবকা আৰু লংকা বিদেশী ন্যায়াধিকৰণত বৈষম্যমূলকভাৱে একাংশ স্বদেশী লোকক বিদেশী সজোৱা বুলিও বিবৃতিত উল্লেখ কৰে। ডবকা ন্যায়াধিকৰণত নীলবাগানৰ আব্দুৰ নূৰ নামৰ লোকজন স্বদেশী প্ৰমাণিত হয় যদিও একেখন ন্যায়াধিকৰণে আব্দুৰ নূৰৰ পুত্ৰ আব্দুৰ ৰছিদক বিদেশী বুলি ৰায় দিয়াত জমিয়ত নেতৃত্বই আশ্চৰ্য প্ৰকাশ কৰে।