বিদেশী প্ৰব্ৰজন অসমৰ বাবে সদায় এক উদ্বেগজনক বিষয়। বিদেশী বিতাড়নৰ দাবীৰেই আশীৰ দশকত ৰাজ্যজুৰি আৰম্ভ হৈছিল অসম আন্দোলন। বিদেশী চিনাক্তকৰণৰ উদ্দেশ্যেই চৰকাৰে অসমত আনিছিল ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী। কিন্তু এই ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ নিকা আৰু স্বচ্ছতাক লৈও উত্থাপন হ’ল অলেখ প্ৰশ্নৰ। ২০১৯ত ৰাজপথত অসমীয়াৰ আন্দোলন আৰু ৫ শ্বহীদৰ বলিদানকো নেওচি বিজেপি চৰকাৰে আইনলৈ পৰিণত কৰিছিল নাগৰিকত্ব সংশোধনী আইন। কিন্তু আজি ৪ বছৰ পিছতো কাৰ্যকৰী নহ’ল এই আইন। এই সকলোবোৰৰ মাজতে আজি ৰাজ্যৰ ৬খনকৈ জিলাত অৱস্থিত ডিটেনশ্যন চেণ্টাৰত বন্দীত্বৰ জীৱন পাৰ কৰিবলগীয়া হৈছে হাজাৰ হাজাৰ সন্দেহজনক নাগৰিকে।
অসমৰ গোৱালপাৰা, কোকৰাঝাৰ, তেজপুৰ, যোৰহাট, ডিব্ৰুগড় আৰু শিলচৰৰ জিলা কাৰাগাৰৰ ভিতৰত অৱস্থিত ডিটেনশ্যন চেণ্টাৰত বন্দী হৈ আছে হাজাৰোধিক লোক। ২০২০ চনৰ মাৰ্চ মাহলৈকে কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা মতে, এই ৬ জিলাৰ ডিটেনশ্যন চেণ্টাৰত বন্দী হৈ আছে মুঠ ৩,৩১ জন সন্দেহযুক্ত বিদেশী নাগৰিক। অৱশ্যে পৰৱৰ্তী সময়ত কেইবাশতাধিক লোকৰ পৰা বিদেশী নাগৰিকৰ ফলক আঁতৰাই মুকলি কৰি দিয়াও হৈছে।