Home ৰাজনীতিউত্তৰ ভাৰত বনাম দক্ষিণ ভাৰত বিতৰ্ক! দক্ষিণত স্থাপন হ’বনে বিজেপিৰ ভেটি?

উত্তৰ ভাৰত বনাম দক্ষিণ ভাৰত বিতৰ্ক! দক্ষিণত স্থাপন হ’বনে বিজেপিৰ ভেটি?

by News Desk
A+A-
Reset
south-north-bjp

শেহতীয়াকৈ সম্পন্ন হোৱা ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত হিন্দী বলয়ৰ তিনি ৰাজ্য মধ্যপ্ৰদেশ, ছত্তীশগড় আৰু ৰাজস্থানত বিজেপিৰ জয়লাভ আৰু দক্ষিণ ভাৰতৰ ৰাজ্য তেলেংগানাত কংগ্ৰেছৰ বিজয়ৰ পিছতে এতিয়া সূত্ৰপাত ঘটিছে ‘উত্তৰ ভাৰত বনাম দক্ষিণ ভাৰত’ বিতৰ্কৰ। ৰাজনৈতিকভাৱে এই বিতৰ্কৰ সূচনা হোৱাৰ পিছতে এতিয়া সামাজিক মাধ্যমতো বিভিন্নজনে ব্যক্ত কৰিবলৈ আৰম্ভ কৰিছে প্ৰতিক্ৰিয়া। অনেকে লিখিছে যে বিজেপিৰ সাফল্য কেৱল হিন্দী বলয়ৰ ৰাজ্যতহে সম্ভৱ, য’ত জন্মৰ হাৰ অধিক কিন্তু সাক্ষৰতাৰ হাৰ কম। বিজেপি মুক্ত দক্ষিণ ভাৰতৰ উদাহৰণ দাঙি ধৰিয়েই এনেদৰে মন্তব্য কৰিছে অনেকে।

পূৰ্বৰ টুইটাৰ আৰু বৰ্তমানৰ এক্সত এই বিতৰ্ক তীব্ৰতৰ হৈ পৰাৰ পিছতে এই বিতৰ্কত জঁপিয়াই পৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও। এগৰাকী সাংবাদিকৰ এটা ভিডিঅ’ ৰি-পোষ্ট কৰি প্ৰধামন্ত্ৰীয়ে লিখিছে, “তেওঁলোকৰ বিভাজনকাৰী এজেণ্ডাৰ পৰা সাৱধান হওক। ৭০ বছৰৰ অভ্যাস ইমান সহজে নাইকিয়া নহয়।” কিন্তু বিতৰ্ক অধিক তীব্ৰতৰ হৈ পৰে তেতিয়া, যেতিয়া বিৰোধীৰ ঐক্যজোঁটৰ অংশ দ্ৰাবিড় মুন্নেত্ৰ কাঝাগম (ডিএমকে)ৰ সাংসদ সেন্থিলকুমাৰে সংসদত নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত বিতৰ্ক মন্তব্য কৰে। পিছত এই বাবে ক্ষমাও খুজিবলগীয়া হয় সাংসদগৰাকীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0