ভয়ংকৰ মূল্যবৃদ্ধি, দ্ৰুত গতিত বাঢ়ি অহা সামাজিক বৈষম্য— অস্থিৰতা, নিবনুৱা সমস্যা, জলবায়ু পৰিবৰ্তনৰ অমোঘ পৰিণতিৰূপে খৰাং আৰু উষ্ণতা বৃদ্ধিয়ে সৃষ্টি কৰা পৰিবেশৰ মাজত সেই সকল ব্যক্তিৰ অৱদানকহে স্মৰণ কৰিবলৈ মন যায়, যিসকল ব্যক্তিৰ কাম কাজে নতুন বাট দেখুৱাব পাৰে। সংসাৰ-পীড়াৰ উপলব্ধিয়ে এই কথা অহৰহ সোঁৱৰাই থাকে যে নিৰ্ভীক আৰু অবিচলিত ভাৱে ৰাষ্ট্ৰযন্ত্ৰৰ শক্তিশালী হাতোৰাৰ সন্মুখত থিয় হৈ সমতাৰে পূৰ্ণ এক সুষম সমাজ তৈয়াৰ কৰি লোৱা সহজ নহয়।
অন্তৰ্সংস্কৃতিৰ নিজস্ব সংজ্ঞা আছে। সেই সংজ্ঞা অনুসৰি এই সংস্কৃতি বাহিৰৰ সংস্কৃতিৰ সৈতে অহৰহ দন্দ্বত থাকে। পুঁজিবাদৰ শেহতীয়া ভয়ংকৰ ৰূপ আমি সকলোৱে দেখিছোঁ। তাৰ সংস্কৰণ দুটা— এটা সূক্ষ্ম আৰু আনটো দৈত্যকায়। সূক্ষ্ম সংস্কৰণে মানৱীয় অনুভূতিসমূহক এটা পৰ্যায়লৈকে উমলি জামলি থাকিবলৈ থাকিব সহায় কৰি দিয়ে। আনটো সংস্কৰণে এই অনুভূতিসমূহক কলিতে মৰহি যোৱাৰ সকলো প্ৰস্তুতি পূৰ্বতেই তৈয়াৰ কৰি ৰাখে।