Home বিশ্বদক্ষিণ কোৰিয়াত বিমান দুৰ্ঘটনাত ১৭৯ গৰাকী যাত্ৰী নিহত, জীৱন্তে উদ্ধাৰ ২জন

দক্ষিণ কোৰিয়াত বিমান দুৰ্ঘটনাত ১৭৯ গৰাকী যাত্ৰী নিহত, জীৱন্তে উদ্ধাৰ ২জন

by News Desk
A+A-
Reset
south korea accident

এক ভয়ংকৰ বিমান দুৰ্ঘটনাই শোকস্তব্ধ কৰি তুলিছে সমগ্ৰ বিশ্বক। দেওবাৰে দক্ষিণ কোৰিয়াৰ মুয়ান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণৰ সময়তে ১৮১ জন যাত্ৰীসহ দুৰ্ঘটনাগ্ৰস্ত হয় এখন যাত্ৰীবাহী বিমান। স্থানীয় প্ৰশাসনৰ তথ্য অনুসৰি এই দুৰ্ঘটনাত প্ৰাণ হেৰুৱায় ১৭৯ জন লোকে। জানিব পৰা মতে, বিমানখনত আছিল ১৭৫ জন যাত্ৰী আৰু ৬ গৰাকী ক্ৰু মেম্বাৰ। ইফালে দুৰ্ঘটনাৰ পিছত উদ্ধাৰ অভিযান চলাই ধ্বংসাৱশেষৰ মাজৰ পৰা দুজন ক্ৰু মেম্বাৰক জীৱন্তে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হয়। 

দুৰ্ঘটনাগ্ৰস্ত জেজু এয়াৰ বিমানখন দুৰ্ঘটনাৰ সময়ত বেংককৰ পৰা দক্ষিণ কোৰিয়ালৈ উভতি আহিছিল। জানিব পৰা মতে বিমানখন অৱতৰণ কৰি থকাৰ সময়তে এই দুৰ্ঘটনা সংঘটিত হয়। স্থানীয় সময় অনুসৰি পুৱা প্ৰায় ৯.০০ বজাত মুয়ান আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন। দুৰ্ঘটনাটোত জড়িত বিমানখন আছিল কোৰিয়াৰ বাজেট বিমান সংস্থা জেজু এয়াৰৰ দ্বাৰা পৰিচালিত বয়িং ৭৩৭-৮০০ বিমান।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0