গুৱাহাটীঃ দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমী উদ্বোধন কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী, ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা অন্যান্য উপস্থিতসকলে অসম আৰক্ষীৰ গুণানুকীৰ্তন কৰি থকাৰ সময়তে গুৱাহাটীত দেখিবলৈ পোৱা গ’ল অসম আৰক্ষীৰ জঘন্য ৰূপ। লাচিত বৰফুকন একাডেমীৰ উদ্বোধনী অনুষ্ঠান আয়োজন হৈ থকাৰ সময়তে আৰক্ষীয়ে মানৱ অধিকাৰ উলংঘন কৰি বিৰোধী ৰাজনৈতিক নেতাক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে। যাৰ বাবে অসম আৰক্ষীয়ে বিজেপিৰ শাখাৰ দৰে আচৰণ কৰিছে বুলি সৰ্বত্ৰে চৰ্চা হৈছে।
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ ৰীতম সিঙে সামাজিক মাধ্যমযোগে সময়ে সময়ে শাসনাধিস্থিত বিজেপি দলক চোকা সমালোচনা কৰি অহাৰ লগতে চৰকাৰৰ নীতিকলৈও সৰৱ হৈ আহিছে। টুইটাৰযোগে ৰীতম সিঙে উত্থাপন কৰি অহা বিষয়বোৰ সততে সামাজিক মাধ্যমৰ চৰ্চাৰ বিষয় হৈ পৰাও পৰিলক্ষিত হৈছে। কেৱল মাত্ৰ অসমতেই নহয়, ৰাজ্যৰ বাহিৰতো ৰীতম সিঙৰ টুইট বিশেষভাৱে চৰ্চিত হয়। যাৰ বাবে শাসনাধিস্থিত বিজেপিৰ বাবে চকুৰ কূটা, দাঁতৰ শাল হৈ পৰিছিল প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰগৰাকী।