ছিপাঝাৰঃ ‘দুই এক সাংবাদিক বন্ধু আছে যিয়ে পইচা পালে নিজৰ মাককো বিক্ৰী কৰিব’- আজি ছিপাঝাৰত এইদৰে সাংবাদিকক লৈ চূড়ান্ত অপমানজনক মন্তব্য কৰে ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড° পৰমানন্দ ৰাজবংশীয়ে। এটা পথক লৈ কমিছনৰাজৰ দৰে গুৰুতৰ অভিযোগ উঠা বিধায়কগৰাকীয়ে অভিযোগৰ প্ৰত্যুত্তৰ দিবলৈ গৈ সংবাদ মাধ্যমক নীতি শিক্ষাৰ পাঠহে দিলে।
উল্লেখ্য যে, কামৰ তুলনাত ফোপোলা উন্নয়ণৰ ভাষণেৰে ৰাইজৰ কণামাকৰি সৰোৱা বিধায়কগৰাকীক শনিবাৰে ইয়াৰ পিঠাখোৱা গাঁৱত ৰাইজে এটা পথক লৈ জবাবদিহি কৰিছিল। পিঠাখোৱা গাঁৱৰ পঁচিশটা পৰিয়াল অহা-যোৱা কৰা এটা পথৰ উন্নয়নৰ বাবে দশকৰ পিছত দশক উকলি যোৱাৰ পিছতো কোনো জনপ্ৰতিনিধিয়ে মন-কাণ নকৰিলে। একেদৰে নিজকে বিধায়কগৰাকীৰ ভাগিনীয়েক বুলি পৰিচয় দিয়া তথা দেৱানন্দ পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীগৰাকীও ঘটনাক্ৰমে পথটোক লৈ আৰক্ষীৰ কাষ চাপিবলগীয়া হৈছিল।