শুৱালকুছিঃ বস্ত্ৰনগৰী শুৱালকুছিৰ ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ অন্যতম শিক্ষানুষ্ঠান শুৱালকুছি এঞ্জেল ইংলিছ স্কুলৰ এগৰাকী শিক্ষকে সামান্য কথাতে খৰ্গহস্ত হৈ এগৰাকী সপ্তম শ্ৰেণীৰ ছাত্ৰীক তালিবানী শাস্তি প্ৰদান কৰা কাৰ্যই বৃহত্তৰ শুৱালকুছি অঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, শুৱালকুছি এঞ্জেল ইংলিছ স্কুলৰ সপ্তম শ্ৰেণীত অধ্যয়নত এগৰাকী ছাত্ৰীক গণিত বিষয়ৰ শ্ৰেণীত গণিত নজনা বাবে শিক্ষকগৰাকীয়ে নিৰ্বিচাৰে প্ৰহাৰ কৰে৷ যাৰ ফলত ছাত্ৰীগৰাকী যথেষ্ট আঘাতপ্ৰাপ্ত হয়৷ ঘটনা সন্দৰ্ভত ভুক্তভোগী ছাত্ৰীগৰাকীৰ পিতৃয়ে শুৱালকুছি থানাত এজাহাৰ দাখিল কৰে।