গুৱাহাটীঃ কংগ্ৰেছ চৰকাৰৰ তৃতীয়টো কাৰ্যকালত যোৰহাটত সংঘটিত অনিৰ্ধাৰিত পুঁজি(আনটাইড ফাণ্ড)ৰ বিয়াগোম কেলেংকাৰিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সচিব বিশাল বসন্ত সোলাংকীও জালত পৰাৰ সম্ভাৱনা প্ৰকট হৈছে। প্ৰায় ৩২ কোটিটকীয়া এই কেলেংকাৰিৰ তদন্ত কৰি আছে মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাই।
কেলেংকাৰিটোৰ অন্যতম অভিযুক্ত তথা ঠিকাদাৰ উজ্জ্বলজ্যোতি বৰাক তদাৰকী শাখাই কিছুদিন পূৰ্বে গ্ৰেপ্তাৰ কৰে। ইয়াৰ পাছতে যোৱা ১৪ মে’ৰ সন্ধিয়া এই বিয়াগোম কেলেংকাৰিৰ আন এজন অভিযুক্ত ৰাজহ বিভাগৰ সচিব বুবুল লেখাৰুক যোৰহাট আৰক্ষীয়ে আন এটা গোচৰত গ্ৰেপ্তাৰ কৰে।