গুৱাহাটীঃ আৰক্ষী-সাংবাদিকৰ ভূতে খেদিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীক। পৰিবহণ, উদ্যোগ, সংসদীয় পৰিক্ৰমা আদি কে’বাটাও গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব বহন কৰি থকা মন্ত্ৰীজনে কালি তেজপুৰত এখন দলীয় সভাত ভাষণ দি বিজেপি কৰ্মীসকলক আৰক্ষী আৰু সাংবাদিকৰ পৰা গা বচাই ফুৰিবলৈ আহ্বান জনায়।
কিন্তু মন্ত্ৰীজনে বিজেপি কৰ্মীসকললৈ আৰক্ষী অথবা সাংবাদিকৰ পৰা কিদৰে বিপদ আহিব পাৰে সেয়া স্পষ্ট কৰি নিদিলে। লক্ষ্যণীয় যে ৰাজ্য প্ৰশাসনৰ মুৰব্বী মুখ্য সচিব বিনোদ কুমাৰ পিপাৰছেনিয়াই অলপতে তেজপুৰত ইউনিফাইড কমাণ্ড ষ্ট্ৰাকচাৰৰ এখন সভাত উগ্ৰপন্থী সংগঠনৰ বা-বাতৰি, সাক্ষাৎকাৰ আদি প্ৰকাশ সংবাদ মাধ্যমৰ সম্পাদক, সাংবাদিকক গ্ৰেপ্তাৰ কৰিবলৈ নিৰাপত্তা সংস্থাসমূহক নিৰ্দেশ দিয়ে।