আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ মানচিত্ৰত এইবাৰ বিশেষভাৱে উচ্চাৰিত হোৱাৰ কথা আছিল অসমৰ নামটো। স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে ভাৰত আৰু জাপানৰ শীৰ্ষ পৰ্যায়ৰ দ্বিপাক্ষিক বৈঠক উত্তৰ-পূৰ্বাঞ্চলত অনুষ্ঠিত হোৱাৰ সম্ভাৱনাই ৰাজ্যখনত সৃষ্টি কৰিছিল এক বিশেষ উচ্ছ্বাস। জুলাইৰ আৰম্ভণিতে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচি গুৱাহাটীত উপস্থিত হৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে শীৰ্ষ বৈঠকত মিলিত হোৱাৰ কথা আছিল। দুই দেশৰ শীৰ্ষ নেতাৰ এই বৈঠকক লৈ যথেষ্ট আশাবাদী আছিল অসম চৰকাৰৰ লগতে সাধাৰণ জনতাও।
জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ এই সম্ভাৱনাক কেন্দ্ৰ কৰিয়েই গুৱাহাটীত আৰম্ভ হৈছিল এক ব্যাপক প্ৰস্তুতি। ৰাজপথ ধুই-মচি পৰিষ্কাৰ কৰা হৈছিল, মহানগৰীক আৱৰি ৰখা ওখ ওখ দেৱালবেৰত নতুনকৈ সনা হৈছিল চূণ-তেল। ডিভাইৰটোত ড্ৰিল মেচিনেৰে ফুটা কৰি চলিছিল গছপুলি ৰোপণৰো কাম। কাৰণ এটাই- জাপানৰ প্ৰধানমন্ত্ৰীয়ে প্ৰথমবাৰৰ বাবে অসমলৈ আহিব, গতিকে সকলোফালে চালে চকুৰোৱা হ’বই লাগিব।
মহানগৰীক ন-কইনাৰ দৰে সজাই পৰাই তোলাৰ সেই প্ৰস্তুতিৰ মাজতে গুৱাহাটীৰ গণেশগুৰি উৰণীয়া সেতুৰ তলত সংঘটিত হ’ল এক পৰিঘটনা।
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক উৎসৰ্গা কৰি চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাই অংকন কৰা এখন বিশাল মুৰেলত কোনেৱে সানিলে প্ৰাইমাৰ। ইয়াৰ পিছতে সামাজিক মাধ্যমত আৰম্ভ হয় হৈ-চৈ। প্ৰাণৰ শিল্পীৰ সহধৰ্মিনী, ভগ্নীসহ লক্ষ লক্ষ জুবিন অনুৰাগীয়ে সজোৰে ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। গুৱাহাটীৰ সৌন্দৰ্যবৰ্ধনৰ নামত প্ৰাণৰ শিল্পীৰ প্ৰতিচ্ছবি মচিবলৈ দুঃসাহস কৰা চৰকাৰ, প্ৰশাসনৰ বিৰুদ্ধে সৰৱ হৈ পৰে সকলো।
অৱশ্যেই সামাজিক মাধ্যমত ইয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পিছতে গা এৰা দিয়াৰ প্ৰক্ৰিয়া আৰম্ভ হয়। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই স্পষ্টীকৰণ প্ৰদান কৰে যে পৌৰ নিগমৰ তৰফৰ পৰা জুবিনৰ প্ৰতিচ্ছবি মচিবলৈ চেষ্টা কৰা হোৱা নাই। কোনে এয়া কৰিছে তেওঁ নিজেও নাজানে হেনো।
মাত্ৰ কিছু দিন পূৰ্বে বিশাল বিজয়েৰে পুনৰ ক্ষমতালৈ ওভতা বিজেপি চৰকাৰৰ নেতা-মন্ত্ৰীয়েও বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰে। কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাই ঘটনাক লৈ খেদ প্ৰকাশ কৰি কয়, “জুবিনক কোনেও মচিব নোৱাৰে। দেৱালৰ পৰা কোনোবাই তেওঁৰ প্ৰতিচ্ছবি মচিলেও জুবিন সকলোৰে অন্তৰে অন্তৰে সদায় জীয়াই থাকিব।”
জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ ঠিক আগে আগে ‘কমৰেড নেভাৰ ডাই’ শীৰ্ষক জুবিনৰ এই মিউৰেলক লৈ বিতৰ্কৰ পিছে ইমানতে অন্ত নপৰিল। ঘটনাটোক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে চিত্ৰশিল্পী মাৰ্শ্বেল বৰুৱাই ঘোষণা কৰে- তেওঁ পুনৰ একেস্থানত অংকন কৰিব জুবিনৰ মিউৰেল। সামাজিক মাধ্যমৰ এই বাৰ্তা দি তেওঁ সকলো জুবিন অনুৰাগীক সেইদিনা গণেশগুৰিৰ উৰণ সেতুৰ তলত সমবেত হবলৈও আহ্বান জনায়।
ইয়াৰ পিছতে ১৮ জুনত আহে সেই দিনটো। যিদিনা সন্ধিয়াৰ মায়াময় মহানগৰখনক হাজাৰ হাজাৰ জুবিন অনুৰাগীয়ে ‘মায়াবিনী’ৰ সুৰেৰে গুঞ্জৰিত কৰি ভিৰ কৰে গণেশগুৰিত। তাৰ পিছতে মাৰ্শ্বেল বৰুৱা আৰু আন একাংশ চিত্ৰশিল্পীয়ে মিলি একেটা স্থানতে পুনৰ অংকন কৰে মৰমৰ জুবিনদাক।
এটা নতুন বিতৰ্ক আৰম্ভ হয় ইয়াৰ পৰাই। গণেশগুৰিৰ এই ঘটনাৰ পাছতে প্ৰকাশ পায় সেই অপ্ৰত্যাশিত খবৰ- অসম ভ্ৰমণ বাতিল কৰিছে জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিয়ে। কিন্তু কাৰণ?
‘সূত্ৰৰ খবৰ’ৰ ভিত্তিত বাতৰি সম্প্ৰচাৰ কৰি ভিউজ, লাইক বুটলা অসমৰ একাংশ সংবাদ মাধ্যমে দাবী কৰে যে জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিলৰ কাৰণ জুবিন আৰু জুবিন অনুৰাগী। তথাকথিত সূত্ৰৰ খবৰৰ ভিত্তিত এনে সংবাদ মাধ্যমৰ দাবী— গণেশগুৰিত হাজাৰ হাজাৰ জুবিন অনুৰাগী সমবেত হোৱা ১৮ জুনৰ সেই সন্ধিয়া সৃষ্টি হোৱা তীব্ৰ যান-জঁটৰ মাজত আৱদ্ধ হৈ পৰিছিল জাপানৰ প্ৰতিনিধি দল। অসমৰ এনে শৃংখলাহীন পৰিস্থিতি দেখি তেওঁলোকে তেওঁলোকে নিৰাপত্তাক লৈ সংশয় প্ৰকাশ কৰে আৰু জাপানৰ প্ৰধানমন্ত্ৰীক অসম ভ্ৰমণৰ সিদ্ধান্ত পৰ্যালোচনা কৰিবলৈ আহ্বান জনায়।
এনে সংবাদ মাধ্যমৰ আঁতি-গুৰিহীন খবৰৰ আঁত ধৰিয়েই জুবিন অনুৰাগীৰ বিৰুদ্ধে সৰৱ হৈ পৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীযুষ হাজৰিকাও। মিডিয়াৰ সন্মুখত খেদ প্ৰকাশ কৰি তেওঁ কয়, “অসমৰ উন্নয়নৰ বিৰুদ্ধে থকা “বাওঁপন্থী মানসিকতাৰ” একাংশ ব্যক্তি আৰু সংগঠনৰ কাৰ্যকলাপৰ ফলতেই ৰাজ্যখন এখন ঐতিহাসিক সুযোগৰ পৰা বঞ্চিত হ’ল। চৰকাৰে এনে কাৰ্যকলাপৰ ওচৰত নতি স্বীকাৰ নকৰে।”
প্ৰাণৰ শিল্পীৰ গণেশগুৰিৰ মুৰেলখনৰ পুনৰ অংকন আৰু সেইদিনা সমবেত হোৱা জুবিন অনুৰাগীসকলক দোষাৰোপ কৰি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে শাসকীয় দলটোৰ আন কেইবাজনো নেতা-মন্ত্ৰী-বিধায়কেও।
অৱশ্যেই কথাবোৰ তেনে নাছিল। পৰৱৰ্তী সময়ত ছানায়ে টাকাইচিৰ অসম ভ্ৰমণ বাতিল হোৱাৰ কথা আনুষ্ঠানিকভাৱে প্ৰকাশ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পিছে স্পষ্টকৈয়ে কয় যে এই ভ্ৰমণ বাতিলৰ বিষয়ে তেওঁ নাজানে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ক সুধিলেহে কাৰণ স্পষ্ট হ’ব। পিছত কেন্দ্ৰীয় বিদেশ মন্ত্ৰালয়ে এই বিষয়ে বিতং তথ্য সদৰি কৰি স্পষ্ট কৰে যে জাপানৰ প্ৰধানমন্ত্ৰীৰ সময়ৰ অভাৱ আৰু ল’জিষ্টিক সমস্যাৰ বাবেহে তেওঁৰ অসম ভ্ৰমণ বাতিল কৰা হৈছিল। ইয়াৰ সৈতে গণেশগুৰিৰ যান-জঁট আৰু জুবিন অনুৰাগীৰ কোনো প্ৰত্যক্ষ অথবা পৰোক্ষ সম্পৰ্ক নাই।
নতুন দিল্লীতে বৈঠক মোদী-টাকাইচিৰ, সম্পন্ন কেইবাখনো চুক্তি
গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠান শেষ মুহূৰ্তত বাদ পৰিলেও জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিৰ ভাৰত ভ্ৰমণ নিৰ্ধাৰিত সময়সূচী অনুসৰিয়েই সম্পন্ন হয়। ১ জুলাইৰ পৰা ৩ জুলাইলৈ চলা এই তিনিদিনীয়া চৰকাৰী ভ্ৰমণ আছিল জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ। জাপান চৰকাৰৰ মতে, “মুক্ত আৰু উন্মুক্ত ইণ্ডো-পেচিফিক” নীতি শক্তিশালী কৰাৰ লগতে ভাৰত-জাপান বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্বক নতুন পৰ্যায়লৈ উন্নীত কৰাটোৱেই এই ভ্ৰমণৰ মূল উদ্দেশ্য আছিল।
টাকাইচিৰ সৈতে ভাৰতলৈ আহে জাপানৰ বৈদেশিক, অৰ্থনৈতিক আৰু উদ্যোগ খণ্ডৰ উচ্চপদস্থ বিষয়াসকলৰ লগতে বৃহৎ ব্যৱসায়িক প্ৰতিনিধি দল। জাপানৰ একাধিক বৃহৎ উদ্যোগ গোষ্ঠীৰ শীৰ্ষ বিষয়াও এই প্ৰতিনিধি দলত অন্তৰ্ভুক্ত থাকে। ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে জনোৱা মতে, চৰকাৰী আলোচনাৰ সমান্তৰালভাৱে ব্যৱসায়, বিনিয়োগ আৰু উদ্যোগ সহযোগিতাক কেন্দ্ৰ কৰি পৃথক বৈঠকো অনুষ্ঠিত হয়।
১ জুলাইৰ সন্ধিয়া টাকাইচি নতুন দিল্লীত উপস্থিত হোৱাৰ পিছত ভাৰত চৰকাৰৰ পক্ষৰ পৰা তেওঁক চৰকাৰীভাৱে আদৰণি জনোৱা হয়। সেইদিনাই জাপানী প্ৰতিনিধি দলৰ সদস্যসকলে ভাৰতৰ বিভিন্ন চৰকাৰী বিভাগ, উদ্যোগ সংস্থা আৰু ব্যৱসায়িক প্ৰতিষ্ঠানৰ বিষয়াসকলৰ সৈতে প্ৰাথমিক পৰ্যায়ৰ একাধিক বৈঠকত মিলিত হয়। ইয়াত মূলতঃ উৎপাদন উদ্যোগ, বিনিয়োগ, গুৰুত্বপূৰ্ণ যোগান শৃংখল, শক্তি আৰু প্ৰযুক্তি সহযোগিতাৰ বিষয়সমূহ আলোচনাত উঠে।
ভ্ৰমণৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন আছিল ২ জুলাই। ৰাষ্ট্ৰপতি ভৱনত ছানায়ে টাকাইচিক আনুষ্ঠানিক ৰাজকীয় অভ্যৰ্থনা জনায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে। ইয়াৰ পিছতে তেওঁ ৰাজঘাটলৈ গৈ মহাত্মা গান্ধীৰ সমাধিস্থলত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। ভাৰত ভ্ৰমণলৈ অহা প্ৰায় প্ৰতিগৰাকী বিদেশী ৰাষ্ট্ৰপ্ৰধান বা চৰকাৰপ্ৰধানৰ বাবে এই অনুষ্ঠান চৰকাৰী কাৰ্যসূচীৰ এটা স্থায়ী অংশ।
ইয়াৰ পিছতে হায়দৰাবাদ হাউছত আৰম্ভ হয় ভাৰত-জাপানৰ ১৬ সংখ্যক বাৰ্ষিক শীৰ্ষ বৈঠক। প্ৰথমে নৰেন্দ্ৰ মোদী আৰু ছানায়ে টাকাইচিৰ মাজত একান্ত বৈঠক অনুষ্ঠিত হয়। তাৰ পিছত দুয়োখন দেশৰ মন্ত্ৰী আৰু উচ্চপদস্থ বিষয়াসকলক লৈ প্ৰতিনিধি পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। বৈঠকত বাণিজ্য, বিনিয়োগ, অৰ্থনৈতিক নিৰাপত্তা, শক্তি, প্ৰতিৰক্ষা, নতুন প্ৰযুক্তি, অতি সূক্ষ্ম বৈদ্যুতিক চিপ, গুৰুত্বপূৰ্ণ খনিজ সম্পদ, ইণ্ডো-পেচিফিক অঞ্চল আৰু বহুপাক্ষিক সহযোগিতাকে ধৰি বিস্তৃত বিষয় আলোচনা কৰা হয়।
বৈঠকৰ অন্তত দুয়োগৰাকী নেতাই যুটীয়াভাৱে সংবাদমেল সম্বোধন কৰে। সেই অনুষ্ঠানতে কেইবাখনো যুটীয়া নথি, সহযোগিতা কাঠামো আৰু ঘোষণাপত্ৰ প্ৰকাশ কৰা হয়। অৰ্থনৈতিক নিৰাপত্তা, শক্তি সহযোগিতা, কৃত্ৰিম বুদ্ধিমত্তা, গুৰুত্বপূৰ্ণ খনিজ সম্পদ আৰু প্ৰতিৰক্ষা উদ্যোগত সহযোগিতাক লৈ নতুন সিদ্ধান্তসমূহ আনুষ্ঠানিকভাৱে ঘোষণা কৰা হয়।
একেদিনাই ভাৰত-জাপান যুটীয়া অৰ্থনৈতিক মঞ্চতো টাকাইচিয়ে অংশগ্ৰহণ কৰে। এই মঞ্চত ভাৰত আৰু জাপানৰ উদ্যোগপতি, বিনিয়োগকাৰী, ব্যৱসায়িক সংগঠন আৰু চৰকাৰী প্ৰতিনিধিসকল উপস্থিত থাকে। দুয়ো দেশৰ ব্যক্তিগত খণ্ডৰ মাজত সহযোগিতা বৃদ্ধিৰ বাবে অনুষ্ঠিত এই অনুষ্ঠানত উৎপাদন উদ্যোগ, গাড়ী উদ্যোগ, ডিজিটেল অৰ্থনীতি, শক্তি, আন্তঃগাঁথনি আৰু উদীয়মান প্ৰযুক্তিত নতুন বিনিয়োগৰ সুযোগসমূহ আলোচনা কৰা হয়। জাপানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এই মঞ্চক ভ্ৰমণৰ অন্যতম গুৰুত্বপূৰ্ণ কাৰ্যসূচী হিচাপে উল্লেখ কৰিছে।
চৰকাৰী বৈঠকৰ উপৰিও নৰেন্দ্ৰ মোদীয়ে টাকাইচিৰ সন্মানত এক অনানুষ্ঠানিক নৈশ ভোজৰো আয়োজন কৰে। জাপানৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰা কাৰ্যসূচীত এই নৈশ ভোজক আনুষ্ঠানিক কূটনৈতিক আলোচনাৰ বাহিৰত দুয়োগৰাকী নেতাৰ ব্যক্তিগত মত বিনিময়ৰ সুযোগ হিচাপে উল্লেখ কৰা হৈছে।
ভ্ৰমণৰ সময়ছোৱাত টাকাইচিয়ে ভাৰতীয় সংস্কৃতিৰ প্ৰতিও আগ্ৰহ প্ৰকাশ কৰে। এক সাংস্কৃতিক অনুষ্ঠানত তেওঁ কাশ্মীৰৰ পৰম্পৰাগত বাদ্যযন্ত্ৰ সন্তুৰ বজোৱাৰো চেষ্টা কৰে। সেই দৃশ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ পিছত ব্যাপক চৰ্চা লাভ কৰে।
৩ জুলাইত জাপানৰ প্ৰধানমন্ত্ৰীয়ে ভাৰত ভ্ৰমণ সামৰি টকিঅ’লৈ উভতি যায়। তিনিদিনীয়া এই ভ্ৰমণত একেদিনতে বহু চৰকাৰী অনুষ্ঠান, কূটনৈতিক বৈঠক, ব্যৱসায়িক আলোচনা আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত হয়। লক্ষণীয়ভাৱে, গুৱাহাটীৰ কাৰ্যসূচী বাতিল হোৱাৰ পিছতো নতুন দিল্লীৰ মূল ভ্ৰমণসূচীৰ কোনো অংশ বাতিল কৰা হোৱা নাছিল; বৰঞ্চ সকলো কাৰ্যসূচী পূৰ্বনিৰ্ধাৰিতভাৱেই সম্পন্ন কৰা হয়।
১০ ট্ৰিলিয়ন য়েনৰ লক্ষ্য, শতাধিক নতুন চুক্তি আৰু জাপানী কোম্পানীৰ সংখ্যা দুগুণ কৰাৰ ঘোষণা
হায়দৰাবাদ হাউছত শীৰ্ষ বৈঠক চলি থকাৰ সমান্তৰালভাৱে নতুন দিল্লীত আন এখন মঞ্চত গঢ় লৈ উঠিছিল ভাৰত-জাপান সম্পৰ্কৰ আন এটা অধ্যায়। সেয়া আছিল ভাৰত-জাপান যুটীয়া অৰ্থনৈতিক মঞ্চ। দুয়োখন দেশৰ শীৰ্ষ উদ্যোগপতি, বিনিয়োগকাৰী, নীতিনিৰ্ধাৰক আৰু ব্যৱসায়িক প্ৰতিনিধিসকলক একেলগে লৈ অনুষ্ঠিত এই অনুষ্ঠানতে আগন্তুক দহ বছৰৰ অৰ্থনৈতিক দিশ নিৰ্ধাৰণৰ সংকেত দিয়া হয়।
অনুষ্ঠানত ভাষণ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰে যে ভাৰতে অহা দহ বছৰত জাপানৰ পৰা ১০ ট্ৰিলিয়ন য়েন বিনিয়োগ আকৰ্ষণ কৰাৰ লক্ষ্য লৈ আগবাঢ়িব। তেওঁৰ ভাষাত, “ভাৰত আৰু জাপানে আমাৰ অংশীদাৰিত্বক অধিক গতিশীল আৰু অধিক গভীৰ কৰাৰ সিদ্ধান্ত লৈছোঁ। আমাৰ লক্ষ্য কেৱল ১০ ট্ৰিলিয়ন য়েনত সীমাবদ্ধ নহয়; আমি এই লক্ষ্য অতিক্ৰম কৰিব বিচাৰোঁ।”
মোদীয়ে একে ভাষণতে আন এটা গুৰুত্বপূৰ্ণ পৰিসংখ্যাও প্ৰকাশ কৰে। তেওঁৰ মতে, বিগত এবছৰৰ ভিতৰতে ভাৰত আৰু জাপানৰ উদ্যোগসমূহৰ মাজত ১০০তকৈ অধিক নতুন ব্যৱসায়িক চুক্তি সম্পন্ন হৈছে। এই চুক্তিসমূহৰ জৰিয়তে ১০ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক নতুন জাপানী বিনিয়োগ ভাৰতলৈ অহাৰ সম্ভাৱনা সৃষ্টি হৈছে।
বৰ্তমান ভাৰতত প্ৰায় ১,৪০০টা জাপানী কোম্পানীয়ে কাৰ্যনিৰ্বাহ কৰি আছে। গাড়ী নিৰ্মাণ, যন্ত্ৰপাতি, বৈদ্যুতিক সামগ্ৰী, ঔদ্যোগিক উৎপাদন, ৰাসায়নিক উদ্যোগ, তথ্য-প্ৰযুক্তি, বিত্তীয় সেৱা আৰু আন্তঃগাঁথনি- বিভিন্ন খণ্ডত বিস্তৃত এই উপস্থিতিক আগন্তুক সময়ত দুগুণ কৰাৰ লক্ষ্য ঘোষণা কৰে ভাৰতীয় প্ৰধানমন্ত্ৰীয়ে। ব্যৱসায়িক মহলক আহ্বান জনাই মোদীয়ে কয়, “ভাৰতত জাপানী কোম্পানীৰ সংখ্যা দুগুণ হওক।”
ভাৰত চৰকাৰৰ তথ্য অনুসৰি, ২০০০ চনৰ এপ্ৰিল মাহৰ পৰা ২০২৫ চনৰ শেষলৈকে জাপানে ভাৰতত কৰা প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ পৰিমাণ ৪৮ বিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক। বিদেশী বিনিয়োগকাৰী দেশসমূহৰ তালিকাত জাপান শীৰ্ষস্থানীয় দেশসমূহৰ ভিতৰত অন্যতম। ২০২৫-২৬ বিত্তীয় বৰ্ষত দুয়োখন দেশৰ দ্বিপাক্ষিক বাণিজ্য ২৭.৫ বিলিয়ন মাৰ্কিন ডলাৰলৈ বৃদ্ধি পাইছে।
এইবাৰৰ আলোচনা কেৱল বিনিয়োগৰ পৰিমাণতে সীমাৱদ্ধ থকা নাই। কোনবোৰ খণ্ডত নতুন মূলধন প্ৰৱেশ কৰিব, সেই বিষয়েও স্পষ্ট সংকেত দিয়া হয়। কৃত্ৰিম বুদ্ধিমত্তা, অতি সূক্ষ্ম বৈদ্যুতিক চিপ, বেটাৰী, বৈদ্যুতিক গাড়ী, পৰৱৰ্তী প্ৰজন্মৰ গতিশীলতা, সেউজ শক্তি, সেউজ হাইড্ৰ’জেন, গুৰুত্বপূৰ্ণ খনিজ সম্পদ, স্বাস্থ্য প্ৰযুক্তি আৰু উন্নত উৎপাদন ব্যৱস্থাক অগ্ৰাধিকাৰ খণ্ড হিচাপে চিহ্নিত কৰে দুয়োপক্ষই।
জাপানৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণত অৰ্থনৈতিক নিৰাপত্তাৰ বিষয়টোৱেও বিশেষ গুৰুত্ব লাভ কৰে। ক’ভিড-১৯ মহামাৰী আৰু বিশ্বজুৰি যোগান শৃংখলত দেখা দিয়া অস্থিৰতাৰ অভিজ্ঞতাৰ পিছত ভাৰত আৰু জাপানে উৎপাদন ব্যৱস্থাক অধিক স্থিতিশীল কৰাৰ ওপৰত জোৰ দিয়ে। এই উদ্দেশ্যে অতি সূক্ষ্ম বৈদ্যুতিক চিপ, বিৰল মৃত্তিকা ধাতু, লিথিয়াম, নিকেল আৰু অন্যান্য গুৰুত্বপূৰ্ণ খনিজ সম্পদৰ ক্ষেত্ৰত দীৰ্ঘম্যাদী সহযোগিতা আগবঢ়োৱাৰ সিদ্ধান্ত লয় দুই দেশৰ নেতৃত্বই।
ভ্ৰমণকালত অনুষ্ঠিত ব্যৱসায়িক বৈঠকসমূহত ভাৰতত উৎপাদন কেন্দ্ৰ স্থাপনৰ বিষয়টোও বিশেষভাৱে আলোচিত হয়। জাপানী উদ্যোগসমূহে “ভাৰতত নিৰ্মাণ” নীতিৰ অধীনত নতুন প্ৰকল্প স্থাপন, বিদ্যমান কাৰখানাৰ সম্প্ৰসাৰণ আৰু ভাৰতক ৰপ্তানিমুখী উৎপাদন কেন্দ্ৰ হিচাপে অধিক ব্যৱহাৰ কৰাৰ আগ্ৰহ প্ৰকাশ কৰে। বিশেষকৈ গাড়ী উদ্যোগ, ইলেক্ট্ৰনিক সামগ্ৰী, উন্নত যন্ত্ৰপাতি আৰু শক্তি খণ্ডক কেন্দ্ৰ কৰি পৃথক আলোচনা অনুষ্ঠিত হয়।
যুটীয়া অৰ্থনৈতিক মঞ্চত জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকাইচিয়েও দুয়োখন দেশৰ অংশীদাৰিত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয়, “ভাৰতৰ উদ্ভাৱনী শক্তি আৰু জাপানৰ প্ৰযুক্তিগত দক্ষতাই একেলগে এছিয়াৰ লগতে বিশ্ব অৰ্থনীতিলৈ নতুন দিশ দেখুৱাব পাৰে।” লগতে তেওঁ স্পষ্ট কৰে যে জাপানৰ উদ্যোগসমূহে ভাৰতক দীৰ্ঘম্যাদী উৎপাদন আৰু বিনিয়োগৰ অন্যতম প্ৰধান গন্তব্যস্থান হিচাপে বিবেচনা কৰি আছে।
তিনিদিনীয়া এই ভ্ৰমণৰ বহু চৰ্চিত কূটনৈতিক বৈঠকৰ সমান্তৰালভাৱে ব্যৱসায়িক ক্ষেত্ৰতো যি সিদ্ধান্তসমূহ লোৱা হ’ল, সেইবোৰে এটা কথা স্পষ্ট কৰি দিয়ে যে ভাৰত-জাপান সম্পৰ্ক এতিয়া কেৱল চৰকাৰৰ মাজৰ সম্পৰ্ক নহয়। উদ্যোগ, মূলধন, প্ৰযুক্তি, উৎপাদন আৰু নতুন প্ৰজন্মৰ অৰ্থনীতি- এই পাঁচটা স্তম্ভৰ ওপৰত ভৱিষ্যতৰ অংশীদাৰিত্ব গঢ়ি তোলাৰ দিশত দুয়োদেশে স্পষ্টভাৱে আগবাঢ়িছে।
যুদ্ধোত্তৰ আস্থাৰ পৰা ‘বিশেষ কৌশলগত অংশীদাৰিত্ব’লৈ- কিদৰে গঢ় লৈ উঠিল ভাৰত-জাপান সম্পৰ্কৰ সাত দশকৰ ইতিহাস?
আজিৰ ভাৰত-জাপান সম্পৰ্ক বুজিবলৈ হ’লে ইতিহাসলৈ ঘূৰি চাবই লাগিব। কাৰণ দুয়োখন দেশৰ মাজৰ সম্পৰ্ক কেৱল বাণিজ্য বা কূটনীতিৰ ওপৰত গঢ়ি উঠা নহয়; সাত দশকৰো অধিক সময় ধৰি ধীৰে ধীৰে গঢ়ি উঠা পাৰস্পৰিক আস্থা, ৰাজনৈতিক সদিচ্ছা আৰু অৰ্থনৈতিক সহযোগিতাৰ ফলেই ই বৰ্তমানৰ পৰ্যায়লৈ আহি পাইছে। ২০২৬ চনৰ নতুন দিল্লী শীৰ্ষ বৈঠক সেই দীঘলীয়া যাত্ৰাৰ শেহতীয়া অধ্যায়হে।
১৯৫২ চনৰ ২৮ এপ্ৰিলত শান্তি চুক্তি বলৱৎ হোৱাৰ পিছতে ভাৰত আৰু জাপানৰ মাজত আনুষ্ঠানিক কূটনৈতিক সম্পৰ্ক স্থাপন হয়। দ্বিতীয় বিশ্বযুদ্ধৰ অন্ত পেলোৱাৰ পিছত জাপানৰ সৈতে পূৰ্ণ কূটনৈতিক সম্পৰ্ক স্থাপন কৰা প্ৰথম দিশৰ দেশসমূহৰ ভিতৰত ভাৰত অন্যতম আছিল। যুদ্ধৰ আঘাতৰ পৰা হাত সাৰিবলৈ সংগ্ৰাম কৰি থকা জাপানৰ সৈতে সেই সময়ত ভাৰতৰ এই পদক্ষেপক টকিঅ’ই বিশেষভাৱে গুৰুত্ব দিছিল।
সম্পৰ্কৰ প্ৰথম ডাঙৰ মাইলৰ খুঁটিটো আহে ১৯৫৮ চনত। সেই বছৰতে জাপানে ভাৰতক চৰকাৰী উন্নয়ন সহায় আগবঢ়োৱা আৰম্ভ কৰে। জাপানৰ চৰকাৰী উন্নয়ন ঋণ লাভ কৰা প্ৰথমখন দেশ আছিল ভাৰত। দিল্লী মহানগৰ ৰে’ল, পশ্চিম নিবেদিত মালবাহী ৰে’ল কৰিড’ৰ, মুম্বাই-আহমেদাবাদ দ্ৰুতগামী ৰে’ল, গংগা পৰিষ্কাৰকৰণ, উত্তৰ-পূৰ্বাঞ্চলৰ পথ-যোগাযোগ, জল যোগান আৰু নগৰ উন্নয়নৰ দৰে বহু বৃহৎ প্ৰকল্প এই সহায়ৰ জৰিয়তে ৰূপায়িত হৈছে।
অৱশ্যে সম্পৰ্ক সদায় একে গতিত আগবাঢ়া নাছিল। ১৯৯৮ চনত ভাৰতে পাৰমাণৱিক পৰীক্ষা চলোৱাৰ পিছত জাপানে কিছু সময়ৰ বাবে চৰকাৰী উন্নয়ন সহায় স্থগিত ৰাখে। দুয়োদেশৰ সম্পৰ্কত ই এক জটিল সময় হিচাপে বিবেচিত হৈছিল। কিন্তু ২০০০ চনত তেতিয়াৰ জাপানৰ প্ৰধানমন্ত্ৰী য়োছিৰো ম’ৰিৰভাৰত ভ্ৰমণে পুনৰ নতুন দিশ মুকলি কৰে। সেই ভ্ৰমণতে “গ্ল’বেল পাৰ্টনাৰশ্বিপ”ৰ ধাৰণা আনুষ্ঠানিকভাৱে গৃহীত হয়।
তাৰ পিছৰ বছৰবোৰত সম্পৰ্কৰ গতি আৰু অধিক বৃদ্ধি পায়। ২০০৬ চনত তেতিয়াৰ ভাৰতীয় প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছিনজো আবেৰ সময়ত সম্পৰ্কক “কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্ব”লৈ উন্নীত কৰা হয়। সেই বছৰৰে পৰা দুয়োদেশৰ বাৰ্ষিক শীৰ্ষ বৈঠকৰ পৰম্পৰাও আৰম্ভ হয়। অৰ্থাৎ প্ৰায় প্ৰতিবছৰে দুই প্ৰধানমন্ত্ৰী মুখামুখি বৈঠকত মিলিত হৈ সহযোগিতাৰ অগ্ৰগতি পৰ্যালোচনা কৰি আহিছে।
২০১৪ চনত নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাৰে দায়িত্ব গ্ৰহণ কৰাৰ পিছত জাপান আৰু ভাৰতৰ সম্পৰ্কই এক নতুন উচ্চতা লাভ কৰে। নৰেন্দ্ৰ মোদীৰ জাপান ভ্ৰমণৰ সময়ত দুয়োদেশে সম্পৰ্কক “বিশেষ কৌশলগত আৰু বৈশ্বিক অংশীদাৰিত্ব”লৈ উন্নীত কৰে। এই ঘোষণাৰ পিছৰ পৰাই প্ৰতিৰক্ষা, সামুদ্ৰিক নিৰাপত্তা, ইণ্ডো-পেচিফিক, উন্নত প্ৰযুক্তি আৰু অৰ্থনৈতিক নিৰাপত্তাৰ দৰে নতুন বিষয়সমূহ সহযোগিতাৰ কেন্দ্ৰবিন্দু হৈ পৰে।
নৰেন্দ্ৰ মোদীয়ে প্ৰধানমন্ত্ৰী হিচাপে একাধিকবাৰ জাপান ভ্ৰমণ কৰিছে। ২০১৪, ২০১৬, ২০১৮, ২০১৯, ২০২২, ২০২৩ আৰু ২০২৫- বিভিন্ন সময়ত টকিঅ’ত অনুষ্ঠিত শীৰ্ষ বৈঠক, চাৰিদেশীয় মঞ্চৰ সন্মিলন আৰু দ্বিপাক্ষিক বৈঠকত তেওঁ অংশগ্ৰহণ কৰে। আনফালে ছিনজো আবে, ফুমিঅ’ কিছিদাআৰু এতিয়া ছানায়ে টাকাইচিৰ দৰে জাপানৰ একাধিক প্ৰধানমন্ত্ৰীয়েও ভাৰত ভ্ৰমণ কৰি এই সম্পৰ্কক আগবঢ়াই লৈ গৈছে।
এই সম্পৰ্কৰ এটা বিশেষ দিশ হৈছে ব্যক্তিগত আস্থাও। নতুন দিল্লীত যুটীয়া বৈঠকত নৰেন্দ্ৰ মোদীয়ে ছানায়ে টাকাইচিক “মোৰ সৰু ভনী” বুলি সম্বোধন কৰে। উত্তৰত টাকাইচিয়েও কয় যে দুয়োগৰাকীয়ে “ভাই-ভনীৰ বিশ্বাস আৰু আন্তৰিকতাৰে” ভাৰত-জাপান সম্পৰ্কক আগবঢ়াই নিয়াৰ সংকল্প পুনৰ ব্যক্ত কৰিছে। কূটনৈতিক অনুষ্ঠানত এই উষ্ম ব্যক্তিগত বিনিময়ে দুয়োদেশৰ ৰাজনৈতিক সম্পৰ্কৰ আন্তৰিকতাকো নতুন মাত্ৰা দিয়ে।
সাত দশকৰ এই ইতিহাসত ভাৰত-জাপান সম্পৰ্কই বহু উত্থান-পতন দেখিছে। কিন্তু প্ৰতিটো জটিল সময়ৰ পিছতেই দুয়োদেশ পুনৰ আলোচনা আৰু সহযোগিতাৰ পথলৈ উভতি আহিছে। সেয়েহে ২০২৬ চনৰ নতুন দিল্লী শীৰ্ষ বৈঠকক কেৱল এখন নিয়মীয়া কূটনৈতিক বৈঠক বুলি চাব নোৱাৰি; ই ১৯৫২ চনত আৰম্ভ হোৱা এখন দীৰ্ঘ যাত্ৰাৰ ধাৰাবাহিকতাত সংযোজিত আন এক গুৰুত্বপূৰ্ণ অধ্যায়।
আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ভাৰত-জাপান সহযোগিতাৰ তাৎপৰ্য
ছানায়ে টাকাইচিৰ ভাৰত ভ্ৰমণৰ তাৎপৰ্য কেৱল কেইখনমানচুক্তি বা বিনিয়োগৰ ঘোষণাতে সীমাবদ্ধ নহয়। বিশ্ব ৰাজনীতিৰ দ্ৰুত পৰিৱৰ্তিত পৰিস্থিতিত এই ভ্ৰমণে স্পষ্ট কৰি দিলে যে ভাৰত আৰু জাপানৰ সম্পৰ্ক এতিয়া এক বৃহত্তৰ কৌশলগত পৰিসৰৰ অংশ। বিশেষকৈ ইণ্ডো-পেচিফিক অঞ্চল, যোগান শৃংখলৰ নিৰাপত্তা, উন্নত প্ৰযুক্তি, শক্তি, কৃত্ৰিম বুদ্ধিমত্তা আৰু সামুদ্ৰিক সহযোগিতাক কেন্দ্ৰ কৰি দুয়োদেশে নতুন সমন্বয় গঢ়ি তুলিছে।
শীৰ্ষ বৈঠকৰ পিছত প্ৰকাশিত যুটীয়া ঘোষণাত দুয়োদেশে “মুক্ত, উন্মুক্ত আৰু নিয়মভিত্তিক ইণ্ডো-পেচিফিক” গঢ়ি তোলাৰ প্ৰতিশ্ৰুতি পুনৰ ব্যক্ত কৰে। সামুদ্ৰিক পথত মুক্ত নৌ-চলাচল, আন্তঃৰাষ্ট্ৰীয় আইন মানি চলা, সাৰ্বভৌমত্বৰ প্ৰতি সন্মান আৰু বলপ্ৰয়োগ বা হেঁচাৰ ৰাজনীতিৰ বিৰোধিতা- এই নীতিসমূহক দুয়োদেশে পুনৰ সমৰ্থন জনায়।
উল্লেখ্য যে, ভাৰত আৰু জাপান দুয়োখনেই চতুৰ্দেশীয় গোট ‘কোৱাড’ৰ সদস্য। আমেৰিকা আৰু অষ্ট্ৰেলিয়াৰ সৈতে গঠিত এই মঞ্চখন সামৰিক মিত্ৰজোঁট নহ’লেও ইণ্ডো-পেচিফিক অঞ্চলত সামুদ্ৰিক নিৰাপত্তা, দুৰ্যোগ ব্যৱস্থাপনা, গুৰুত্বপূৰ্ণ প্ৰযুক্তি, যোগান শৃংখল, স্বাস্থ্য, চাইবাৰ সুৰক্ষা আৰু উদীয়মান প্ৰযুক্তিৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰাৰ লক্ষ্য লৈ কাম কৰি আহিছে। নতুন দিল্লীৰ বৈঠকতো কোৱাড নেতাসকলৰ পৰৱৰ্তী সন্মিলন শীঘ্ৰে অনুষ্ঠিত কৰাৰ ওপৰত দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰে।
এই ভ্ৰমণৰ আন এটা উল্লেখযোগ্য দিশ আছিল অৰ্থনৈতিক নিৰাপত্তাক কূটনৈতিক সহযোগিতাৰ কেন্দ্ৰলৈ অনা। অৰ্ধপৰিবাহী বৈদ্যুতিক চিপ, বিৰল খনিজ সম্পদ, উন্নত পদাৰ্থ, কৃত্ৰিম বুদ্ধিমত্তা আৰু শক্তি নিৰাপত্তাক লৈ পৃথক যুটীয়া নীতি গ্ৰহণ কৰে দুয়ো দেশে। একে সময়তে প্ৰথমবাৰৰ বাবে প্ৰতিৰক্ষা প্ৰযুক্তিৰ যুটীয়া উন্নয়ন সম্পৰ্কীয় চুক্তিতো স্বাক্ষৰ হয়। ই ভাৰত-জাপান সহযোগিতাক কেৱল বিনিয়োগ বা বাণিজ্যৰ পৰিসৰৰ পৰা প্ৰযুক্তি আৰু নিৰাপত্তাৰ নতুন স্তৰলৈ লৈ যায়।
বিশ্বৰ উৎপাদন ব্যৱস্থা আৰু যোগান শৃংখলত একেটা দেশৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ বিষয়টোও বৈঠকত বিশেষভাৱে আলোচিত হয়। সেই লক্ষ্যৰে অৰ্ধপৰিবাহী চিপ, গুৰুত্বপূৰ্ণ খনিজ সম্পদ, সেউজ শক্তি আৰু উন্নত উৎপাদন ব্যৱস্থাত সহযোগিতা বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয়। এই পদক্ষেপক দুয়োদেশে অৰ্থনৈতিক স্থিতিশীলতা আৰু দীৰ্ঘম্যাদী কৌশলগত সুৰক্ষাৰ অংশ হিচাপে উপস্থাপন কৰে।
২০২৬ চনৰ এই শীৰ্ষ বৈঠকে সেয়েহে এটা স্পষ্ট বাৰ্তা আগবঢ়ালে- ভাৰত আৰু জাপানৰ সম্পৰ্ক এতিয়া কেৱল দুয়োখন দেশৰ মাজত সীমাৱদ্ধ নাথাকি ইণ্ডো-পেচিফিক অঞ্চলৰ ভৱিষ্যৎ, বিশ্ব অৰ্থনীতিৰ নতুন বিন্যাস, প্ৰযুক্তিগত নেতৃত্ব আৰু কৌশলগত স্থিতিশীলতাৰ সৈতেও ওতঃপ্ৰোতভাৱে জড়িত। সাত দশকৰ কূটনৈতিক সম্পৰ্কই আজি এক নতুন পৰ্যায়ত উপনীত হৈছে, য’ত পাৰস্পৰিক আস্থা, অৰ্থনৈতিক সহযোগিতা আৰু কৌশলগত সমন্বয়- এই তিনিওটা স্তম্ভই ভাৰত-জাপান অংশীদাৰিত্বক বিশ্ব ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ অধ্যায়ত পৰিণত কৰিছে।
